/asomiyapratidin/media/media_files/2025/11/29/thai-2025-11-29-10-34-41.jpg)
ডিজিটেল ডেস্কঃ বিগত প্ৰায় ১০সপ্তাহ ধৰি বানত ককবকাই আছে থাইলেণ্ড। বানে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা। প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ বাবে খাদ্য, খোৱা পানী সমস্যাকে ধৰি বহু সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছে থাইলেণ্ডৰ বানপীড়িত ৰাইজ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/g6rn1owxiaa0qia-2025-11-29-10-32-53.png)
থাইলেণ্ডৰ চাংখলা প্ৰদেশত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে এই বানত ১৪৫জনৰো অধিক লোকৰ মৃত্যু হৈছে। ১২.৫লাখৰো অধিক পৰিয়াল এই বানত ক্ষতিগ্ৰস্ত হৈছে। ৩৬লাখ লোক প্ৰভাৱিত কৰা এই বানৰ ফলত দেশৰ খনৰ অৰ্থনীতিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/g6rn1oww0aasgb8-2025-11-29-10-33-04.png)
পৰ্যটনৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল দেশখনত অৰ্থনীতিক লৈ চিন্তিত চৰকাৰ। আগন্তুক ৪ডিচেম্বৰৰ লৈকে বতৰেও থাইলেণ্ডত কালৰূপ ধাৰণ কৰিব বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/g6rn1oyxsaab6k4-2025-11-29-10-33-14.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us