বৃহৎ পৰিমানৰ নিষিদ্ধ মাছ জব্দঃ দুজনক আটক

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ মাছৰ ৰমৰমীয়া ব্যৱসায়। আজি পুৱতি নিশা বৃহৎ পৰিমানৰ নিষিদ্ধ মাছসহ ডবকা আকাশী গংগাত আটক কৰিবলৈ সক্ষম হয় শ্বাৰুখ আৰু মফিছ নামৰ দুই ব্যৱসায়ী৷

author-image
Asomiya Pratidin
New Update
doboka 27

ডিজিটেল সংবাদ ডবকাঃ ৰাজ্যত অব্যাহত আছে নিষিদ্ধ মাছৰ ৰমৰমীয়া ব্যৱসায়। আজি পুৱতি নিশা বৃহৎ পৰিমানৰ নিষিদ্ধ মাছসহ ডবকা আকাশী গংগাত আটক কৰিবলৈ সক্ষম হয় শ্বাৰুখ আৰু মফিছ নামৰ দুই ব্যৱসায়ী৷

নিষিদ্ধ মাছ ভৰ্তি টাটা মোবাইল বাহনখন মৈৰাবাৰিৰ পৰা নাগালেণ্ড অভিমুখে গৈ আছিল৷ জব্দ কৰা বাহনখনত আছিল ১২ কুইণ্টেল নিষিদ্ধ থাইলেণ্ড মাগুৰ৷

ভাৰত চৰকাৰে ২০০০ চনৰ পৰা এই মাছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও ৰাজ্যত চলি আছে ৰমৰমীয়া ব্যৱসায়৷ আজি পুৱতি নিশা আকাশী গংগা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম বৰাৰ নেতৃত্বত এই থাইলেণ্ড মাগুৰৰ বাহনখন খেদি খেদি জব্দ কৰাৰ লগতে দুজনক আটক কৰে৷

বাহন খনত থকা ১২ কুইণ্টেল নিষিদ্ধ মাছ মিন বিভাগৰ উপস্থিতিত নিমখ আৰু ফেনাইল দি জেচিবিৰে গাত খান্দি পুতি থোৱা হয়।

মাছ ডবকা