তেজপুৰ জুবিনিয়ানছে নেহৰু ময়দানত প্ৰদৰ্শন কৰিব প্ৰাণৰ শিল্পীৰ হাতৰ থ্ৰি ডি কাষ্টিং

তেজপুৰবাসীৰ সহযোগত তেজপুৰ জুবিনিয়ানছ দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে মঙলবাৰে পুৱা নাহৰ গছৰপুলি ৰোপনৰে দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ  অসমবাসীৰ হিয়াৰ আমঠু মহান শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উদযাপনৰ সাজু হৈছে তেজপুৰবাসী। সেই উপলক্ষে তেজপুৰবাসীৰ সহযোগত তেজপুৰ জুবিনিয়ানছ দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে মঙলবাৰে পুৱা নাহৰ গছৰপুলি ৰোপনৰে দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব।

মহান শিল্পী গৰাকীক স্মৰনৰ হেতু সংগঠনটোৱে কাইলৈ তেজপুৰ নেহৰু ময়দানত শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকক্ষণত শিল্পী ভৱেন মেধিয়ে সংগ্ৰহ কৰা জুবিন গাৰ্গৰ সোঁ আৰু বাওঁ হাতৰ থ্ৰি ডি কাষ্টিঙ ৰাইজৰ  দৰ্শনৰ বাবে ৰখাৰ হেতু ব্যৱস্থা কৰিব বুলি তেজপুৰ জুবিনিয়ানছৰ হৈ তৃষানু ভূঞাই সদৰি কৰিছে।

তেজপুৰ