তেজপুৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপন

তেজপুৰতো জুবিনৰ জন্মদিন উদযাপন । পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে প্ৰতিটো প্ৰান্তত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 1.20.19 PM

ডিজিটেল সংবাদ,তেজপুৰঃ আজি জুবিনৰ ৫৩ সংখ্যক জন্মদিন। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰতো জুবিনৰ জন্মদিন উদযাপন কৰা হয় । পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে প্ৰতিটো প্ৰান্তত। 

উল্লেখ্য যে  জুবিনৰ জন্মদিন উপলক্ষ্যে জুবিনিয়ানছ দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বনে ৰাইজৰ সহযোগত উলিয়াই  বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে তেজপুৰ। 

আনফালে এমাহ আগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গক সুঁৱৰি তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। নাহৰ ভালপোৱা জুবিনৰ বাবে ইতিমধ্যে অনুৰাগীসকলে নাহৰৰ পুলি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে। 

 কেতিয়াবা খাৰঘূলি, কেতিয়াবা কাহিলীপাৰা, নহ’লে জোনালী জুবিন গাৰ্গৰ ষ্টুডিঅ’লৈ আহিছিল লাখ লাখ জুবিন অনুৰাগী।ইমানেই নহয় মাজনিশা কেক কাটি জুবিন গাৰ্গক জনাইছিল শুভেচ্ছা। এইবাৰো ব্যতিক্ৰম নহয়। একেই পৰিৱেশ একেই উল্লাহ মাথো নাই জুবিন। 

তেজপুৰ জুবিন গাৰ্গ