ভূমিকম্পত ভীতিগ্ৰস্ত হৈ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু এগৰাকী মহিলাৰ

ভূমিকম্পৰ প্ৰৱল জোঁকাৰণিত ভীতিগ্ৰস্ত হৈ দেওবাৰে তেজপুৰ চহৰৰ এগৰাকী মহিলাই শোৱাপাটীতে অকাল মৃত্যুক সাৱটি লয়।

author-image
Asomiya Pratidin
New Update
ddsdsa

ডিজিটেল সংবাদ, তেজপুৰঃ ভূমিকম্পৰ প্ৰৱল জোঁকাৰণিত ভীতিগ্ৰস্ত হৈ দেওবাৰে তেজপুৰ চহৰৰ এগৰাকী মহিলাই শোৱাপাটীতে অকাল মৃত্যুক সাৱটি লয়।

জানিব পৰা মতে তেজপুৰ চহৰৰ মুখ্য ডাকঘৰৰ পৰা গাৰোৱাণপট্টী সংযোগী পথৰ অনন্ত কমপ্লেক্সৰ নিচেই কাষতে থকা এটা দুমহলীয়া গৃহত নিজৰ কোঠাত শুই থকাৰ অৱস্থাত হঠাতে প্ৰৱল ভূমিকম্পৰ ফলত ঘৰটো কপি উঠে। ইয়াৰ পিছতে সকলো ফালে হুৱাদুৱা লগাত ভয়তে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হয়। 

মৃত্যু হোৱা মহিলাগৰাকীৰ নাম য়াছমিন খানম (৫০) বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, আজিৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা উত্তৰ দিশে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ ১৬ কিলোমিটাৰ নিলগত।

ভূমিকম্প