/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-19-57-25.jpg)
ডিজিটেল সংবাদ,তেজপুৰ: উপাচাৰ্যৰ বিয়াগোম কেলেংকাৰীক লৈ আজি নিশা পুনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। নিযুক্তি,সামগ্ৰী ক্ৰয় আৰু বিদেশ ভ্ৰমনকে ধৰি একাধিক ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ প্ৰতিকৃতি দাহ কৰে কেইবা শতাধিক ক্ষুদ্ধ ছাত্ৰ-ছাত্ৰীয়ে।
উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ লগতে উপাচাৰ্যৰ পদত্যাগৰ দাবী তুলি ক্ষুদ্ধ ছাত্ৰছাত্ৰীসকলে উপাচাৰ্য গৰাকীৰ প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে। ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্যৰ লগতে দুৰ্নীতিৰ অন্যতম সহযোগী দুৰ্নীতিপৰায়ণ কাৰ্যবাহী অভিযন্তা যাদৱ নাথ আৰু বিত্ত বিষয়া ব্ৰজমধু মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us