/asomiyapratidin/media/media_files/2025/09/27/tu-27-2025-09-27-18-16-11.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত স্থাপন হোৱা ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৰিমা দিনকদিনে অৱনমিত কৰা উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙৰ স্বেচ্ছাচাৰীতাক লৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। এনে সময়তে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ একাধিক বিয়াগোম দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে অসমীয়া মানুহৰ জুবিনৰ প্ৰতি থকা আবেগ-অনুভূতিক নুবুজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নজনোৱাৰ লগতে বিশ্ববিদ্যালয়খনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা নাছিল। আনহাতে প্ৰতিবাদমুখৰ হৈ পৰা শিক্ষাৰ্থীৰ হাতত অপদস্থ হৈ বিশ্ববিদ্যালয় চৌহদৰ পৰা পলায়ন কৰিবলৈ বাধ্য হোৱা উপাচাৰ্যগৰাকীয়ে চৰম স্বেচ্ছাচাৰিতাৰে বিগত দিন ধৰি বিশ্ববিদ্যালয়তখনত চলোৱা দুৰ্নীতি-অনিয়মৰ লেখ লৈ শেষ কৰিব নোৱাৰি৷
অভিযোগ মতে বিশ্ববিদ্যালয়খনৰ প্ৰথমখন ব’ৰ্ড অব মেনেজমেন্টৰ সভাত তেওঁ নিজৰ লগতে পৰিয়ালৰ চিকিৎসা বিল আদায়তহে অনুমোদন জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি ইণ্টাৰভিউ ব’ৰ্ড গঠনতো খেলিমেলি কৰি উপাচাৰ্যজনে নিজেই ব’ৰ্ডত নিজৰ মানুহ অন্তৰ্ভুক্ত কৰিছিল।
আনকি উপাচাৰ্যগজনে অ’ বি চিৰ বাবে সংৰক্ষিত ডেপুটী ৰেজিষ্টাৰৰ পদৰ সংৰক্ষণ উঠাই অসংৰক্ষিত কৰি ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ দৰে অনিয়ম সংঘটিত কৰে৷ জানিব পৰা মতে এই নিযুক্তি প্ৰক্ৰিয়াক লৈ এক গোচৰো চলি আছে৷
অভিযোগ মতে টকা আৰু ক্ষমতাৰ বাবেই বহু অনিয়ম সংঘটিত কৰা উপাচাৰ্য জন ইমানেই ক্ষমতাৰ বলেৰে বলীয়ান যে ইউ.জি.চি কিম্বা চৰকাৰৰ অনুমতি অবিহনেই তেওঁ ‘ডাইৰেক্টৰ, কম্পিউটাৰ শীৰ্ষক এটা ২ লাখ টকীয়া দৰমহাৰ পদ নিজেই সৃষ্টি কৰি লৈছিল। একেদৰে উপাচাৰ্য সিঙে আন আন নিযুক্তিৰ ক্ষেত্ৰটো ব্যাপক অনিয়মৰ আশ্ৰয় লৈছিল৷
তদুপৰি পুথিভঁৰালৰ কিতাপ ক্ৰয়ৰ নামতো ব্যাপক অনিয়মৰ আশ্ৰয় লোৱা উপাচাৰ্য শম্ভূনাথ সিঙৰ বিশেষ কৃপাত নিবিদা অবিহনেই দিল্লীৰ একাধিক কিতাপ বিতৰক কোম্পানীয়েও যোগানৰ ঠিকা পায় আৰু এনে পাঁচটা কোম্পানীৰ সৈতে উপাচাৰ্যৰ অতি ঘনিষ্ঠতা থকা বুলিও প্ৰাপ্ত অভিযোগত প্ৰকাশ৷ জানিব পৰা মতে শেহতীয়াকৈ কোটি টকাৰ কিতাপ, জাৰ্ণেল আদি যোগানৰ ঠিকা মেচাৰ্ছ ইন্দু বুকছ্ নামৰ এক কিতাপ বিতৰক কোম্পানীক দিয়ে।
আচৰিত বিষয় এয়ে যে দিল্লীৰ ঘৰলৈ অহা-যোৱাৰ খৰছো বিশ্ববিদ্যালয়ৰ পুঁজিৰ পৰাই আদায় কৰি লোৱা উপাচাৰ্যৰ সকলো দুৰ্নীতি-অনিয়মৰ অন্যতম সহযাত্ৰী হৈছে বিশ্ববিদ্যালয়ৰ বিত্ত বিষয়া ড০ ব্ৰজবাসী মিশ্ৰ। আশ্চয্যজনকভাৱে এইগৰাকী বিত্ত বিষয়াৰ চাকৰিকালো শেষেই নহয়৷
আন এক অভিযোগ মতে ২০১৬ চনত এন আই আৰ এফৰ সৰ্বভাৰতীয় ৰেংকিঙত বিশ্ববিদ্যালয়ৰ যি ৬৯ সংখ্যাক স্থান আছিল সেয়া এইগৰাকী উপাচাৰ্যৰ দিনত ২০২৫ চনত বিশ্ববিদ্যালয়ৰ ৭৯ লৈ অৱনমিত হয়। একেদৰে বিশ্ব ৰেংকিঙত ৫০০ ৰ ভিতৰত থকা বিশ্ববিদ্যালয়খনৰ ৰেংকিং এতিয়া ২ হাজাৰৰ তললৈ অৱনমিত হৈছে৷
উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে এখন শোকসভা পাতিব বিচৰাত এইজন উপাচাৰ্যই ধমক দি শোকসভা পতাৰ অনুমতি দিয়া নাছিল আৰু তাৰ পিছতেই ক্ষোভত ফাটি পৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজ৷ ইয়াৰ পিছতেই তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিং হাটাও ইউনিভাৰ্চিটি বচাও অভিযান আৰম্ভ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us