তেজপুৰ বিশ্ববিদ্যালয় চৌহদত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

অৱশেষত ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানিলে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ চৌহদত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।

author-image
Asomiya Pratidin
New Update
web ap tu

ডিজিটেল ডেস্কঃ অৱশেষত ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানিলে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ চৌহদত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। লগতে মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ ডক্টৰেট ডিগ্ৰী আগবঢ়োৱাৰ কথা চিন্তা-চৰ্চা কৰা কথাও জানিবলৈ দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। 

উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভু নাথ সিং আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছিল মতানৈক্যৰ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ শিক্ষাৰ্থীক কটু কথা শুনাইছিল উপাচাৰ্যই। তাৰপাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। 

ইফালে, মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে, "অসমীয়া সংস্কৃতি আৰু সংগীতৰ ক্ষেত্ৰত জুবিনৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে। বিশ্ববিদ্যালয়খনে সাংস্কৃতিক অধ্যয়ন বিভাগৰ ভিতৰত তেওঁৰ নামত এক জলপানি প্ৰদান কৰিব।"

তেজপুৰ বিশ্ববিদ্যালয় জুবিন গাৰ্গ জুবিন তেজপুৰ