তেজপুৰ বিশ্ববিদ্যালয়ত নিয়োগ আৰু আভিযান্ত্ৰিক বিদ্যাপীঠৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজৰ স্বচ্ছতা আৰু ছাত্ৰ-ছাত্ৰীকেন্দ্ৰীক সিদ্ধান্তৰ দাবীত চলি থকা এই তীব্ৰ আন্দোলনে আজি এক গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে চিহ্নিত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ    অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নজনাই ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে বিতৰ্কিত মন্তব্য কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বেচ্ছাচাৰী উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙকে ধৰি একাংশ সহযোগীৰ ব্যাপক দুৰ্নীতি অনিয়ম আৰু চৰম মইমতালিৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদত ধাৰাবাহিকভাৱে চলি অহা ছাত্ৰ-ছাত্ৰী,শিক্ষক সমাজ আৰু কৰ্মচাৰীৰ প্ৰতিবাদে ৫৫ দিন অতিক্ৰম কৰিছে ।

এনে সময়তে আজি ছাত্ৰ-ছাত্ৰীসকলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিয়োগ কোষৰ লগতে আভিয়ান্ত্ৰিক বিদ্যাপীঠৰ উপ-পৰিচালক আৰু ডীনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে। ইমানেই নহয় ক্ষুদ্ধ ছাত্ৰছাত্ৰীসকলে দুয়োটা বিভাগৰ মুৰব্বীক চোকাভাষাৰে সমালোচনা কৰি থকাসৰকা কৰাৰ পিছতে কৰ্তপক্ষই পদত্যাগো কৰে।

এই ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কামকাজৰ স্বচ্ছতা আৰু ছাত্ৰ-ছাত্ৰীকেন্দ্ৰীক সিদ্ধান্তৰ দাবীত চলি থকা এই তীব্ৰ আন্দোলনে আজি এক গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে ছাত্ৰ- ছাত্ৰীসকলে আজি বিশ্ববিদ্যালয়ৰ পথৰ ওপৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি প্ৰশিক্ষণ আৰু নিয়োগ কোষ (T&P Cell)-ৰ উপ-প্ৰধান ড° পিয়ুষ চন্দ্ৰ দাস আৰু আভিযান্ত্ৰিক বিভাগ তথা বিদ্যাপীঠৰ ডীন শঙ্কৰ চন্দ্ৰ ডেকাক প্ৰশ্নৰে থকাসৰকা কৰে।

জানিব পৰা মতে তিনিখনকৈ তদন্তকাৰী সমিতিৰ পৰা আজিকোপতি ছাত্ৰছাত্ৰীসকলে কোনোৰ সুউত্তৰ পোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত আভিযান্ত্ৰিক বিদ্যাপীঠৰ ছাত্ৰছাত্ৰী সকলে বিদ্যায়তনিক আৰু প্রশিক্ষণ-সম্পৰ্কীয় সেবা-সমূহৰ দায়িত্ব থকা কৰ্তৃপক্ষলৈ মনোযোগ কেন্দ্ৰিত কৰি প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি সকলো সমস্যা সমূহ সমাধানৰ কাৰণে দাবী জনাই পৰিস্থিতি উত্তাল কৰি তোলে।

এইক্ষেত্ৰত প্ৰতিবাদী ছাত্ৰছাত্ৰীসকলে মৌলিক প্ৰশিক্ষনৰ সুবিধা প্ৰদানত অৱহেলা আৰু ছাত্ৰ উন্নয়নৰ বাবে নিৰ্দ্ধাৰণ কৰা ধনৰ চূড়ান্ত অপব্যৱহাৰৰ লগতে নিয়োগ কোষৰ পৰা নিযুক্তি প্ৰক্ৰিয়াত পৰ্যাপ্ত সুবিধা তথা সহায়ৰ অভাৱৰ বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তদুপৰি বিগত দিন ধৰি দুয়োটা বিভাগৰ মুৰব্বী সকলক সমস্যাবোৰ সমাধানৰ কাৰণে একাধিকবাৰ অনুৰোধ জনাই অহাৰ পিছতো কোনোধৰনে গুৰুত্ব নিদিয়াত ছাত্ৰছাত্ৰীসকলে চৰম অনিশ্চয়তাত ভুগি আহিছে।

 এইক্ষেত্ৰত আজি ছাত্ৰ-ছাত্ৰীসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসুচীৰ ওচৰত সেও মানি প্ৰশিক্ষণ আৰু নিয়োগ কোষৰ উপ-প্ৰধান ড° পিয়ুষ চন্দ্ৰ দাসে আজি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নিজৰ দায়িত্ব প্ৰত্যাহাৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত অধিকাৰী ড° ব্ৰজবন্ধু মিশ্ৰ আৰু পলাতক উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙক আৰ্থিক আৰু প্ৰশাসনিক অনুমোদনৰ বাবে জগৰীয়া বুলি উল্লেখ কৰে।

 একে সময়তে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে আভিযান্ত্ৰিক বিদ্যাপীঠৰ ডীন শঙ্কৰ চন্দ্ৰ ডেকাকো অনিয়ম আৰু ছাত্ৰ-ছাত্ৰীৰ অভিযোগ সমূহৰ সমাধানৰ ক্ষেত্ৰত তেওৰ উদাসীনতাক লৈয়ো প্ৰশ্ন তোলে। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ দায়িত্বত থকা সকলো ব্যক্তিকে ছাত্ৰ-ছাত্ৰী বিৰোধী তথা স্বেচ্ছাচাৰী মনোভাৱ পৰিহাৰ কৰিবলৈয়ো সকিয়ণী প্ৰদান কৰে।

তেজপুৰ বিশ্ববিদ্যালয়