/asomiyapratidin/media/media_files/2025/08/22/fdfre-2025-08-22-19-00-55.jpg)
তেজপুৰ বিশ্ববিদ্যালয়ে সন্মানিত কৰিলে ৰিলায়েন্স জিঅ’ক
ডিজিটেল সংবাদ, তেজপুৰঃ অসমৰ ডিজিটেল পৰিৱর্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে ৰিলায়েন্স জিঅ’ক সন্মানিত কৰিছে। বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগৰ উদ্যোগত অনুষ্ঠিত “আই-কনেক্ট” শীৰ্ষক অনুষ্ঠানত স্বীকৃতি আৰু বঁটা প্ৰদান কৰা হয়।
অনুষ্ঠানত জিঅ’-অসমৰ ৰাজ্যিক মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী নীতিন বাজপেয়ীয়ে “ডিজিটেল ট্ৰান্সফৰ্মেচন বাই জিঅ’” শীৰ্ষক মূল বক্তব্য প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, জিঅ’য়ে অসমৰ লাখ লাখ লোকক উন্নত যোগাযোগ সুবিধা প্ৰদান কৰাৰ লগতে শিক্ষা, স্বাস্থ্য, ব্যৱসায় আৰু ডিজিটেল সেৱা ক্ষেত্ৰত নতুন দিশ উন্মোচিত কৰিছে। ইয়াৰ ফলত অসমৰ সামাজিক-আৰ্থিক উন্নয়নত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে জিঅ’।
ইফালে, ট্ৰাই (TRAI)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, অসমত জিঅ’য়ে ৯.৭ মিলিয়নতকৈ অধিক ৱাইৰলেছ/ম’বাইল গ্ৰাহকক সেৱা আগবঢ়াইছে। লগতে, জিঅ’য়ে অত্যাধুনিক উচ্চ-গতিৰ ইণ্টাৰনেট সেৱা ৰাজ্যৰ ৩.৬৫ লাখতকৈ অধিক গৃহলৈ জিঅ’এয়াৰফাইবাৰ আৰু জিঅ’ফাইবাৰ সেৱাৰ মাধ্যমেৰে সংযোগ কৰিছে। এই বিস্তাৰে তথ্য প্ৰাপ্তিৰ সুবিধা বৃদ্ধি কৰাৰ লগতে স্থানীয় উদ্যোগক শক্তিকৰণ আৰু বিভিন্ন খণ্ডত উদ্ভাৱনক সহায় কৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ৰ এই স্বীকৃতিয়ে অসমৰ ডিজিটেল বিভাজন আতৰোৱাত আৰু অন্তৰ্ভুক্তিমূলক ডিজিটেল পৰিৱেশ গঢ়ি তোলাত জিঅ’ৰ মুখ্য ভূমিকা প্ৰকাশ কৰিছে। শিক্ষাৰ্থী, পেচাদাৰী আৰু উদ্যোগীসকলক সমান সুযোগ প্ৰদান কৰি জিঅ’য়ে অসমত প্রযুক্তিগতভাৱে স্থায়ী উন্নয়নৰ এক নতুন দিশ উন্মোচিত কৰিছে।