ড° বিনীত যোশীৰ কনভয়ৰ সন্মুখত উপাচাৰ্য শম্ভূনাথ ছিং গ'বেক ধ্বনি

ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি কোটি কোটি টকাৰ বিভিন্ন সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙক কেন্দ্ৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ আজি পুনৰ উত্তাল হৈ পৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 9.35.19 PM

ডিজিটেল সংবাদ,তেজপুৰঃ ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি কোটি কোটি টকাৰ বিভিন্ন সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙক কেন্দ্ৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ আজি পুনৰ উত্তাল হৈ পৰে। ইমানেই নহয়, হাতে হাতে বেনাৰ ফেষ্টুন লৈ দলে-বলে ওলাই অহা কেইবা সহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে মুল প্ৰৱেশদ্বাৰৰ সন্মুখত ভগা টেবুল, চকী, বিচনা আদি লৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পলাতক উপাচাৰ্য শম্ভূনাথ ছিঙৰ দুৰ্নীতিৰ স্বৰূপটো সম্পুৰ্ণৰূপে উদঙাই দিয়ে।

ইফালে, বিশ্ববিদ্যালয়ত চলি থকা ছাত্ৰছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ প্ৰতিবাদৰ বিষয়ে বুজ লবলৈ অহা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ সচিব তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° বিনীত যোশীৰ কনভয়ৰ সন্মুখত ছাত্ৰছাত্ৰীসকলে উপাচাৰ্য শম্ভূনাথ ছিং গ'বেক ধ্বনি দি পৰিবেশ উত্তপ্ত কৰি তোলে। ইয়াৰোপৰি বিশ্ববিদ্যালয়ৰ প্ৰতিবাদস্থলী আজি অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ জয় ধ্বনিৰে মুখৰিত হৈ পৰে। 

WhatsApp Image 2025-12-06 at 9.31.19 PM

উল্লেখ্য যে, পলাতক উপাচাৰ্যজনৰ দুৰ্নীতিৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনত ধাৰাবাহিকভাৱে চলি থকা ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ প্ৰতিবাদে আজি ৭৭ দিনত ভৰি দিয়ে। ইফালে উপাচাৰ্য গৰাকীয়ে সংঘটিত কৰা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আজিকোপতি কোনোধৰণৰ শাস্তিমুলক ব্যৱস্থা গ্ৰহণ নকৰাত ছাত্ৰছাত্ৰী সকল ক্ষুদ্ধ হৈ পৰে।

সেই অনুসৰি দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যৰ বিৰুদ্ধে অতিশীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি প্ৰতিবাদস্থলীলৈ আজি পুৱা স্বতঃস্ফুটভাৱে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী দলে-বলে ওলাই আহে। এইক্ষেত্ৰত শিক্ষক, কৰ্মচাৰী সমাজেও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দুৰ্নীতিপৰায়ণ উপাচাৰ্য জনক অচিৰেই অপসাৰণ কৰাৰ বাবে দাবী তোলে।

WhatsApp Image 2025-12-06 at 9.31.18 PM

উল্লেখ্য যে, প্ৰতিবাদী ছাত্ৰছাত্ৰীসকলে বেনাৰ ফেষ্টুন লৈ পলাতক উপাচাৰ্য শম্ভূনাথ ছিং গ বেক, শম্ভূনাথ ছিং হায় হায়, দুৰ্নীতিৰ উচিত তদন্ত কৰক, শম্ভূনাথ ছিঙে পদত্যাগ কৰক, শম্ভূনাথ ছিঙক অপসাৰণ আদিকে কৰি বিভিন্ন ধ্বনি দি কোনো কাৰণতে উপাচাৰ্য শম্ভূনাথ ছিঙৰ দুৰ্নীতি অনিয়ম মানি লোৱা নহব বুলি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাৱে সকিয়াই দিয়ে।

ইফালে উপাচাৰ্যৰ দুৰ্নীতিক লৈ বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ বুজ লোৱাৰ কাৰণে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ সচিব তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ড° বিনীত যোশী আৰু যুটীয়া সচিব সৌম্য গুপ্তাসহ এটা দল আজি বিশ্ববিদ্যালয় খনত উপস্থিত হয়। এইক্ষেত্ৰত শিক্ষা সচিব আৰু যুটীয়া সচিবে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ উপাচাৰ্য ছিঙৰ বিৰুদ্ধে থকা তীব্ৰ ক্ষোভ মুল প্ৰবেশ পথতে নিজ চকুৰে প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে শিক্ষা সচিব সহ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটো বিশ্ববিদ্যালয় খনৰ অতিথিশালাত উপস্থিত হয়। সেইমতে অতিথিশালাতে শিক্ষা বিভাগৰ সচিব গৰাকীক বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ লগতে শিক্ষক, ছাত্ৰছাত্ৰী,কৰ্মচাৰী সমাজ তথা ঐক্যমঞ্চৰ প্ৰতিনিধি সকলে সাক্ষাৎ কৰি সকলো বিষয় অৱগত কৰে।

উল্লেখ্য যে উপাচাৰ্য শম্ভূনাথ ছিঙৰ দুৰ্নীতিৰ বিৰুদ্ধে বিগত ৭৭ দিন ধৰি চলি অহা প্ৰতিবাদক লৈ শিক্ষা বিভাগৰ সচিব যোশীয়ে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যকে ধৰি আন প্ৰতিনিধিসকলৰ সৈতে কেইবাঘন্টা ধৰি বিতংভাৱে আলোচনা কৰে। এই সন্দৰ্ভত শিক্ষা সচিব গৰাকীয়ে বহু গুৰুত্বপূৰ্ণ ফাইল আদিও তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে।

WhatsApp Image 2025-12-06 at 9.31.17 PM

আনহাতে ভাৰত চৰকাৰৰ শিক্ষা সচিব আৰু যুটীয়া সচিবৰ উপস্থিতিতে সহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে মুল প্ৰবেশ দ্বাৰৰ লগতে থকা প্ৰতিবাদস্থলীৰ পৰা প্ৰশাসনিক ভৱনৰ সমীপলৈকে পথৰ দুয়োকাষে থিয় হৈ পলাতক উপাচাৰ্য শম্ভনাথ ছিং গবেক ধ্বনি দিয়ে। অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি উদাত্ত ভাষণ প্ৰদান কৰে।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ এটা প্ৰতিনিধি দলো কাৰ্যসূচীত উপস্থিত থাকে। উল্লেখ্য যে ৭৭ দিন ধৰি ধাৰাবাহিকভাৱে চলি অহা প্ৰতিবাদৰ মাজতে কালি জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই দুমাহৰো অধিক দিন ধৰি উপাচাৰ্য গৰাকী বিশ্ববিদ্যালয়ত উপস্থিত নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ দাবীত ভাৰপ্ৰাপ্ত উপাচাৰ্যৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়