/asomiyapratidin/media/media_files/2025/12/24/fyuuyu6yuuu-2025-12-24-20-45-58.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ পলাতক উপাচাৰ্য শম্ভূনাথ ছিঙক অতিশীঘ্ৰে অপসাৰণ কৰাৰ দাবীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে আজি বিশ্ববিদ্যালয়ৰ চৌহদত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য গৰাকীক অপসাৰণ কৰাৰ দাবীত চলি থকা শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰী ঐক্যমঞ্চৰ আন্দোলনৰ কাৰ্যসূচীৰ তিনিমাহ পাৰ হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই।
ইফালে, একেৰাহে তিনিমাহতকৈ অধিক সময় ধৰি চলি থকা অচলাবস্থাৰ ফলস্বৰূপে বিশ্ববিদ্যালয়খনত শৈক্ষিক আৰু প্ৰশাসনিক ক্ষেত্ৰত গুৰুতৰভাৱে স্থবিৰতাৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষা মন্ত্ৰালয়ে কোনো হস্তক্ষেপ নকৰাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁলোকে কয় যে ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সকলে সময়োচিত হস্তক্ষেপৰ বাবে বাৰম্বাৰ শিক্ষা মন্ত্ৰালয়ৰ কাষ চাপিছিল যদিও মন্ত্ৰালয়ৰ নীৰৱতা আৰু নিষ্ক্ৰিয়তাই চৌহদত ক্ষোভ আৰু হতাশাৰ অধিক বৃদ্ধি কৰিছে।
আনহাতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সভাপতি ড° গৌতম কুমাৰ শৰ্মাই উল্লেখ কৰে যে, তিনিমাহতকৈ অধিক সময় ধৰি চলি থকা প্ৰতিবাদৰ পাছতো বিশ্ববিদ্যালয়ে শিক্ষা মন্ত্ৰালয়ৰ পৰা কোনো চৰকাৰী যোগাযোগ লাভ কৰা নাই, যাৰ ফলত শৈক্ষিক,প্ৰশাসনিক অচলাবস্থা সৃষ্টি হৈ বিশ্ববিদ্যালয়খনৰ স্বাভাৱিক কাৰ্যকলাপ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। এইক্ষেত্ৰত সন্থাই বিশ্ববিদ্যালয়ৰ ভিতৰত গণতান্ত্ৰিক আৰু বিধিসন্মত শাসন ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে শিক্ষা মন্ত্ৰালয়ক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে, সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম চৌধুৰীয়ে কয় যে, দাবীসমূহ পূৰণ নোহোৱালৈকে আৰু চৌহদত স্বাভাৱিক পৰিস্থিতি পুনৰ ঘুৰি নহালৈকে প্ৰতিবাদ অব্যাহত থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us