তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনে অতিক্ৰম কৰিলে ১০০টা দিন

গুৱাহাটী প্রেছ ক্লাৱত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র,শিক্ষক-কৰ্মচাৰীৰ সংবাদমেল। আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰ ১০০ দিন সম্পূৰ্ণ।

author-image
Asomiya Pratidin
New Update
jhbcjnbcjnx
  • গুৱাহাটী প্রেছ ক্লাৱত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র,শিক্ষক-কৰ্মচাৰীৰ সংবাদমেল
  • আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্দোলনৰ ১০০ দিন সম্পূৰ্ণ
  • তেজপুৰ বিশ্ববিদ্যালয়ৰ ২১ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আন্দোলন
  • উপাচাৰ্য্যৰ দুৰ্নীতিৰ তথ্য উদঙাই দিয়াৰ পিছতো আজিলৈ সিদ্ধান্ত দিয়া নাই কেন্দ্রীয় চৰকাৰে
  • এতিয়ালৈকে দুৰ্নীতিগ্রস্ত উপাচাৰ্য্য শম্ভূ নাথ সিঙৰ বিৰুদ্ধে হোৱা নাই তদন্ত
  • এতিয়াও ছুটীত আছে উপাচাৰ্য্য শম্ভূ নাথ সিং
  • উপাচাৰ্য্য শম্ভূ নাথ সিঙক অতি শীঘ্রেই অপসাৰণৰ দাবী
  • বিগত দুটা বছৰে উপাচাৰ্য্যৰ দুৰ্নীতিৰ প্রতিটো তথ্য সকলোৰে হাতে হাতে
  • আন্দোলনৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র,শিক্ষকে আগুৱাই নিছে শৈক্ষিক গৱেষণা
  • জ্যেষ্ঠ অধ্যাপক ধ্রুৱ কুমাৰ ভট্টাচাৰ্যক সাময়িকভাৱে দিছিল এক্টিং উপাচাৰ্য্যৰ দায়িত্ব
  • ধ্রুৱ কুমাৰ ভট্টাচাৰ্যক দিয়া হোৱা নাই আৰ্থিক লেনদেনৰ ক্ষমতা
  • যাৰ বাবে গৱেষণা, বিত্তীয় বৰ্ষৰ বাবে অহা ধন ব্যয় কৰিব পৰা নাই
  • ৩১ মাৰ্চৰ ভিতৰত গৱেষণাৰ ধন ব্যয় কৰিব নোৱাৰিলে পুনৰ উভতি যাব সকলো ধন
  • তাকে লৈ চিন্তিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ, শিক্ষক, কৰ্মচাৰী সমাজ
  • উপাচাৰ্য্য কোন হ’ব কেন্দ্রীয় শিক্ষামন্ত্রালয়ৰ পৰা দিয়া নাই চূড়ান্ত সিদ্ধান্ত
  • যাক লৈ অনিশ্চয়তাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র, শিক্ষক আৰু কৰ্মচাৰী সমাজ
তেজপুৰ বিশ্ববিদ্যালয়