তেজপুৰ বিশ্ববিদ্যালয়ক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী...

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ চিন্তিত হৈ আছে সকলো। বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে তেজপুৰত। শিক্ষাৰ্থী, শিক্ষকসকলৰ পৰা আদি কৰি ছাত্ৰ সন্থাৰ লৈকে সকলোৱে

author-image
Asomiya Pratidin
New Update
new ap web 3 (18)

ডিজিটেল ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ চিন্তিত হৈ আছে সকলো। বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে তেজপুৰত। শিক্ষাৰ্থী, শিক্ষকসকলৰ পৰা আদি কৰি ছাত্ৰ সন্থাৰ লৈকে সকলোৱে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ।

বিশ্ববিদ্যালয়খনৰ এই অচলাৱস্থাক লৈ শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, অচিৰেই বিশ্ববিদ্যালয়খনত ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ নিযুক্তি দিয়া হ'ব।

তেওঁ সামাজিক মাধ্যমত লিখিছে-  আজি মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰোঁ। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ আচৰণৰ নিৰপেক্ষ তদন্ত চলি থকাৰ সময়ত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণৰ সুস্থিৰতা বৰ্তাই ৰাখিবলৈ এগৰাকী ভাৰপ্রাপ্ত উপাচাৰ্য (Pro-Vice Chancellor) তাৎক্ষণিকভাৱে নিযুক্তি দিবলৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাওঁ। মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সহযোগত উক্ত সমস্যাটি অতি সোনকালে সমাধান হ'ব বুলি মোৰ বিশ্বাস।

তেজপুৰ বিশ্ববিদ্যালয়