/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-7-9-2026-01-17-13-24-45.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে বিজ্ঞান জগতত এক বৃহৎ সফলতা অৰ্জন কৰিছে।সূৰ্যৰ ভিতৰত মহাকর্ষণ শক্তিয়ে কেনেদৰে কাম কৰে, সেই সম্পৰ্কে চলোৱা এক গৱেষণাত বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে বহু যুগান্তকাৰী তথ্যও উদঘাটন কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আৰু গৱেষকৰ দলে চলোৱা গৱেষণাত সূৰ্যৰ ভিতৰত মহাকর্ষণে কিদৰে কাম কৰে সেই বিষয়ে বুজাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ অগ্ৰগতি লাভ কৰিছে। এইক্ষেত্ৰত বিশেষকৈ গৱেষণাত সূৰ্যৰ ভিতৰৰ মহাকর্ষণ সম্পৰ্কত বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ গৱেষণাই নতুন অন্তৰ্দৃষ্টি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পৰা আজি কাকতলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰি এই বিষয়ে সকলো কথা অৱগত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-i-2026-01-17-13-21-37.jpeg)
ইয়াৰ লগতে “Polytropic Eddington-inspired Born Infeld (EiBI) Gravitating Solar Plasmas- ত স্থিতিশীলতা আৰু তৰংগ গতি-বিজ্ঞান” শীৰ্ষক এই গুৰুত্বপূৰ্ণ গৱেষণা আমেৰিকান ফিজিকেল ছ’চাইটি য়ে প্ৰকাশ কৰা বিশ্ববিখ্যাত বিজ্ঞান সাময়িকী Physical Review E-টো প্ৰকাশ কৰাৰ বাবে গৃহীত হৈছে। এইক্ষেত্ৰত এ পি এছ হৈছে বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত আৰু মৰ্যাদাপূৰ্ণ বৈজ্ঞানিক সংগঠন আৰু ইয়াৰ সাময়িকীসমূহ কঠোৰ পিয়াৰ-ৰিভিউ প্ৰক্ৰিয়া,উচ্চ সম্পাদকীয় মানদণ্ডৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত এক গুৰুত্বপূৰ্ণ সংস্থা।
এই গৱেষণা বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰ আৰু বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ গৱেষণা ফেল সৌভিক দাসে যুটীয়াভাৱে সম্পন্ন কৰিছে। উল্লেখ্য যে, এই অধ্যয়নৰ যোগেদি Eddington-inspired Born–Infeldনামেৰে জনাজাত এক পৰিৱৰ্তিত মহাকর্ষণ তত্ত্বে সূৰ্যৰ ভিতৰত থকা তৰংগসমূহৰ আচৰণ কেনেদৰে সলনি কৰে সেই বিষয়টোক বিশ্লেষণ কৰা হৈছে। সূৰ্যৰ অন্তৰ্ভাগ প্লাজমা তৰংগৰে পৰিপূৰ্ণ আৰু যি সমূহে শক্তি পৰিবহন কৰি সূৰ্যৰ স্থিতিশীলতা বজাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
পৰম্পৰাগতভাৱে,এই তৰংগ সমূহ নিউটনৰ মহাকর্ষণ তত্ত্বৰ আধাৰতে অধ্যয়ন কৰা হৈছিল। বৰ্তমানৰ এই গৱেষণাই সূৰ্যৰ অত্যন্ত উচ্চ আভ্যন্তৰীণ তাপমাত্ৰা আৰু ঘনত্বৰ পৰিস্থিতিত EiBI পৰিৱৰ্তিত মহাকর্ষণ কাঠামোয়ে তৰংগ গতি-বিজ্ঞান কেনেদৰে পৰিৱৰ্তন আনে সেই বিষয়টোকে অনুসন্ধান কৰিছে। এইক্ষেত্ৰত উন্নত গণিতীয় মডেলিং আৰু নাছাৰ Solar Dynamics Observatory ত সংস্থাপিত Helioseismic and Magnetic Imagerৰ পৰা সংগৃহীত চাৰি বছৰৰ হেলিওছেইছমিক তথ্য একত্ৰিত কৰি গৱেষক সকলে লক্ষ্য কৰে যে পৰম্পৰাগত গুৰুত্বাকর্ষণৰ পৰা অতি সৰু বিচ্যুতিয়েও পৰিমাপযোগ্য প্ৰভাৱ পেলাব পাৰে।
ইয়াৰোপৰি EiBI গুৰুত্বাকর্ষণৰ অধীনত সূৰ্য্যৰ ভিতৰত তৰংগৰ গতি আৰু শক্তি পৰিবহন সৰ্বাধিক ৫৫ শতাংশলৈ বৃদ্ধি পাব পাৰে, যাৰ ফলস্বৰূপে অধিক স্থিতিশীল সৌৰ দোলন সৃষ্টি হয়। এই অধ্যয়নে প্ৰকাশ কৰিছে যে- গুৰুত্বাকর্ষণ-সম্পৰ্কীয় দোলন ধৰণসমূহ পূৰ্বতে যাক গুৰুত্বহীন বুলি ধৰা হৈছিল আৰু সংশোধিত গুৰুত্বাকর্ষণ পৰিস্থিতিত উল্লেখযোগ্য পৰিমাণৰ শক্তি বহন কৰিব পাৰে। এইক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে, মডেলটোৰ পূৰ্বাভাসসমূহ প্ৰকৃত সৌৰ পৰ্যবেক্ষণৰ সৈতে আশ্চৰ্যজনকভাৱে মিল খাই আৰু যাৰ জৰিয়তে এটা নক্ষত্ৰৰ ভিতৰত EiBI গুৰুত্বাকর্ষণৰ প্ৰথম পৰ্যবেক্ষণমূলক পৰীক্ষা চিহ্নিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-im-2026-01-17-13-22-00.jpeg)
প্ৰণিধানযোগ্য যে- বিবৃতি যোগে গৱেষক সৌভিক দাসে কয়, আমাৰ ফলাফলসমূহে দেখুৱায় যে গুৰুত্বাকর্ষণলৈ কৰা সৰু সৰু সংশোধনেও সূৰ্য্যৰ ভিতৰত দোলন আৰু শক্তি পৰিবহনৰ প্ৰক্ৰিয়াত পৰিমাপযোগ্য প্ৰভাৱ পেলাব পাৰে। তত্ত্ব আৰু পৰ্যবেক্ষণৰ মাজৰ ঘনিষ্ঠ মিল এই অধ্যয়নক বিশেষভাৱে ৰোমাঞ্চকৰ কৰি তোলে। এই কামে স্পষ্টভাৱে প্ৰমাণ কৰে যে সূৰ্য্য নিজেই আইনষ্টাইনৰ সীমাৰ বাহিৰলৈ গৈ সংশোধিত গুৰুত্বাকর্ষণ তত্ত্বসমূহ পৰীক্ষা কৰিবলৈ এটা প্ৰাকৃতিক প্ৰয়োগশালা হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ লগতে হেলিওছেইছম’লজিয়ে মৌলিক পদাৰ্থ বিজ্ঞান বুজিবলৈ এটা শক্তিশালী নতুন দুৱাৰ মুকলি কৰে বুলি তত্বাৱধায়ক অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us