তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য

৭৬ দিন ধৰি চলা ধাৰাবাহিক আন্দোলনৰ পাছত নিশাটোৰ ভিতৰতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবিধান অনুসৰি সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে  ধ্ৰুৱ ভট্টাচাৰ্যক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ জ্যেষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ । শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰীৰ অধ্যাপকগৰাকীক দিলে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব। প্ৰায় ৭৬ দিন ধৰি চলা ধাৰাবাহিক আন্দোলনৰ পাছত নিশাটোৰ ভিতৰতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবিধান অনুসৰি সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে  ধ্ৰুৱ ভট্টাচাৰ্যক।

WhatsApp Image 2025-12-05 at 10.47.57 AM

প্ৰণিধানযোগ্য যে, উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে টায়াৰ জ্বলাই ছাত্ৰ,শিক্ষক কৰ্মচাৰী সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তীব্ৰ প্ৰতিবাদক আওকাণ কৰি উপাচাৰ্য শম্ভূনাথ সিঙে চৰম স্বেচ্ছাচাৰীতাৰে নিজৰ ঘনিষ্ঠ বুলি পৰিচিত অধ্যাপিকা জয়া চক্ৰৱৰ্ত্তীক বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দলে বলে ওলাই অহা কেইবাশতাধিক প্ৰতিবাদীকাৰীয়ে বিশ্ববিদ্যালয় চৌহদত টায়াৰ জ্বলাই পৰিস্থিতি উত্তাল কৰি তোলে । 

আসাম: তেজপুর ইউনিভার্সিটি স্টেকহোল্ডারদেরকে বহু-বিষয়ক গবেষণা করার জন্য  প্রশিক্ষণ দেয়

তাৰ পাছতে শুক্ৰবাৰে নিশাৰ ভিতৰতে সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰে  ধ্ৰুৱ ভট্টাচাৰ্যক।

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়