/asomiyapratidin/media/media_files/2025/11/30/8-2025-11-30-15-37-18.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ বৰ্তমানো অব্যাহত আছে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ। কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বিশ্ববিদ্যালয়ৰ চৌহদ। বিগত প্ৰায় দুমাহৰ অধিক সময়ধৰি বিশ্ববিদ্যালয়ত চলি আছে প্ৰতিবাদী কাৰ্যসূচী।
/asomiyapratidin/media/post_attachments/1708ca93-c24.png)
উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা হোৱা ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতি অভিযোগ উত্থাপিত হোৱা উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী একত্ৰিত হৈ তেজপুৰ বিশ্ববিদ্যালয় ঐক্যমঞ্চ গঠন কৰিছে । ইপিনে খবৰ নাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ।
/asomiyapratidin/media/post_attachments/34dac68e-711.png)
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙৰ পদত্যাগ আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত ওৰে নিশা কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ লগতে ৭১ দিন পাৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে।
/asomiyapratidin/media/post_attachments/58bf1c57-538.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us