উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

চৰম স্বেচ্ছাচাৰীতাৰ আশ্ৰয় লৈ কোটি কোটি টকাৰ অবাধ দুৰ্নীতি অনিয়ম সংঘটিত কৰি অহা উপাচাৰ্য শম্ভু নাথ  সিঙৰ  বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী,শিক্ষক,কৰ্মচাৰীৰ ঐক্যমঞ্চই বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ হাতত বেনাৰ পোষ্টাৰ নহয়,এইবাৰ সন্মুখত বিচনা, টেবুল,চকী লৈ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ইমানেই নহয়, চৰম স্বেচ্ছাচাৰীতাৰ আশ্ৰয় লৈ কোটি কোটি টকাৰ অবাধ দুৰ্নীতি অনিয়ম সংঘটিত কৰি অহা উপাচাৰ্য শম্ভু নাথ  সিঙৰ  বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী,শিক্ষক,কৰ্মচাৰীৰ ঐক্যমঞ্চই আজি বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে। 

উল্লেখ্য যে নিযুক্তিৰ পৰা আৰম্ভ কৰি গ্ৰন্থকে ধৰি অন্যান্য বিভিন্ন ধৰণৰ সা-সামগ্ৰী ক্ৰয়ৰ নামত উপাচাৰ্য শম্ভু নাথ  সিঙে একাংশ ঘনিষ্ঠ সহযোগীৰে মিলি ব্যাপক ভাৱে লুন্ঠন চলাই আহিছে । আনকি বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিচনা,টেবুল, চকী,কুলাৰ-পিউৰিফাই আৰু ৱাছিং মেচিন যোগান ধৰাৰ নিবিদা আহ্বানকে ধৰি প্ৰায়  সকলোতে বিয়াগোম কেলেংকাৰী সংঘটিত কৰি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। 

অভিযোগ মতে অতি নিম্নমানৰ সামগ্ৰী যোগানৰ ফলত প্ৰায়বোৰ সামগ্ৰী এফালৰ পৰা বেয়া হৈ ভাঙি ছিঙি যোৱাৰ উপক্ৰম ঘটিছে। এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু কৰ্মচাৰী সকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখতে অতি নিম্নমানৰ বিচনা আৰু টেবুল,চকী আদি লৈ প্ৰতিবাদত নামি পৰে। উল্লেখ্য যে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিচনাত ১৮৩৯৭,টেবুলত ১৫০০০ আৰু চকীৰ ওপৰত ৫২০০ টকা বুলি লিখা সামগ্ৰীখিনি তেনেদৰত ক্ৰয় কৰি যোগান ধৰাৰ পিছতে অতি কম দিনৰ ভিতৰতে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়