/asomiyapratidin/media/media_files/2025/10/16/ujjjddd-2025-10-16-11-19-45.jpg)
ডিজিটেল ডেস্কঃ অব্যাহতি ল'লেতেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে। ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী সকলৰ তীব্ৰ প্ৰতিবাদত উপাচাৰ্যৰ দুৰ্নীতি- দুস্কাৰ্যত নীৰৱ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰাজা ৰফিউল হকৰ হাতত অব্যাহতি বিচাৰি আবেদন কৰিছিল। হকে এই আবেদন গ্ৰহণ কৰে আৰু প্ৰীতম দেৱক অব্যাহতি দিয়ে।
পৰৱৰ্তী সময়ত ৰাজা ৰফিউল হক, প্ৰীতম দেৱ আৰু শংকৰ চন্দ্ৰ ডেকাই উপাচাৰ্যৰ ভয়ত বিভিন্ন সময়ত মনৰ বিপৰীতেও অনীতিমূলক কামৰ সহযোগী হ'বলৈ বাধ্য হৈছিল বুলি লিখিত ভাৱে ছাত্ৰ প্ৰতিনিধি, শিক্ষক, কৰ্মচাৰী সকলক অৱগত কৰে। ইতিমধ্যে শংকৰ চন্দ্ৰ ডেকাই ডীন অভিযান্ত্ৰিক পদৰ পৰা পদত্যাগ কৰিছে। ৰাতি শোণিতপুৰ জিলাৰ আয়ুক্ত তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।