জুবিনৰ মৃত্যুৰ পাছতে তেজপুৰ বিশ্ববিদ্যালয়ত অবাধ দুৰ্নীতি-অনিয়ম সংঘটিত কৰা উপাচাৰ্যৰ নাজল-নাথল অৱস্থা...

ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি চৰম স্বেচ্ছাচাৰীতাৰে ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ত অবাধ দুৰ্নীতি-অনিয়ম সংঘটিত কৰি এক ভয়ৰ পৰিবেশৰ মাজেৰে সকলোকে দমন কৰিব বিচৰা উপাচাৰ্য

author-image
Asomiya Pratidin
New Update
dddddddddddd

ডিজিটেল সংবাদ,তেজপুৰঃ ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি চৰম স্বেচ্ছাচাৰীতাৰে ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ত অবাধ দুৰ্নীতি-অনিয়ম সংঘটিত কৰি এক ভয়ৰ পৰিবেশৰ মাজেৰে সকলোকে দমন কৰিব বিচৰা উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙৰ বিৰুদ্ধে আজিও বিশ্ববিদ্যালয়খনত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।

ইমানেই নহয়  অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰি বিভিন্ন বিতৰ্কিত মন্তব্য আৰু ঠাট্টা মস্কৰাৰে সকলোকে ক্ষুদ্ধ কৰি তোলা উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙৰ বিৰুদ্ধে কালি শিক্ষকসমাজে এক সংবাদমেলৰ আয়োজন কৰে।  

এনে সময়তে এসময়ৰ ক্ষমতাশালী উপাচাৰ্যজনে  বৰঝাৰ বিমান বন্দৰত সংগীবিহীনভাৱে মবাইল চাই বহি থকা এখন ফটো পোহৰলৈ আহিছে। এইক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ এক সূত্ৰে জানিব পৰা মতে ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ মুকলি বিদ্ৰোহৰ পিছতে সম্পুৰ্ণৰূপে অকলশৰীয়া হৈ পৰা উপাচাৰ্য শম্ভূনাথ ছিঙে আজি বিশ্ববিদ্যালয়খনত কৰ্মৰত অসমৰ বাহিৰৰ এজন অধ্যাপকৰ সহায়তে এখন ব্যক্তিগত বাহনেৰে দিল্লী অভিমুখে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়।

ডিঙিত এখন গামোছা লৈ অতি চিন্তিত হৈ বহি থকা উপাচাৰ্যজনক কোনো ছাত্ৰই কালি বৰঝাৰত এনে পৰিবেশত দেখা পাই ফটো আৰু ভিডিঅ’ তুলি প্ৰতিবাদী শিক্ষক,ছাত্ৰ সমাজলৈ প্ৰেৰণ কৰে। এটা সময়ত পাঁচ লাখ টকাৰ টিকট ক্ৰয় কৰি বিদেশলৈ ৰাওনা হৈ পুনৰ পাঁচ লাখ টকাৰ টিকটৰে ঘুৰি অহা উপাচাৰ্যগৰাকীক কালি বৰঝাৰত দেখাৰ পিছতে সকলো আচৰিত হৈ পৰে।

এই ঘটনাই স্বেচ্ছাচাৰী উপাচাৰ্যগৰাকীৰ প্ৰকৃত স্বৰূপটোকে সম্পুৰ্ণৰূপে উদঙাই দিছে। উল্লেখ্য যে জ্ঞান-গৰিমাৰে বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত সগৌৰৱেৰে জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ নেতৃত্বত নিয়ন্ত্ৰণহীনভাৱে চৰম স্বেচ্ছাচাৰীতাৰে চলোৱা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰসমাজে উপাচাৰ্য হাটাও বিশ্ববিদ্যালয় বচাও শ্লগানেৰে আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচী ২১ চেপ্তেম্বৰৰ পৰাই অব্যাহত ৰাখিছে।

অভিযোগ মতে বিশ্ববিদ্যালয়খনৰ বিজ্ঞান শাখাৰ এটা বিভাগত কৰ্মৰত অসমৰ বাহিৰৰ এজন অধ্যাপকেই নিজৰ বগা ৰঙৰ এখন এক্স ইউ ভি গাড়ীৰে উপাচাৰ্য গৰাকীক বৰঝাৰলৈ গোপনে লৈ যায়। এইক্ষেত্ৰত কোনো ছাত্ৰই বগা ৰঙৰ উক্ত গাড়ীখন গুৱাহাটীত প্ৰত্যক্ষ কৰে আৰু সন্দেহ হোৱাৰ পিছতে সকলো ওলাই পৰে।

অভিযোগ মতে স্টাৰ বাকচৰ কফি সেৱন কৰি ব্যাপক নিযুক্তি কেলেংকাৰী সংঘটিত কৰা উপাচাৰ্যগৰাকীয়ে শিষ্টাচাৰ,সন্মান, মৰম আৰু প্ৰশংসাৰে নহয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰছাত্ৰী, শিক্ষক,গৱেষক, কৰ্মচাৰীসমাজত এক ভয়ৰ পৰিবেশত ৰাখি দমন মুলক নীতিৰে কামকাজ চলাই নিজকে একছত্ৰী হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছিল।

আনকি ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি বিশ্ববিদ্যালয়খনক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা উপাচাৰ্য শম্ভূনাথ ছিঙে নিজ খেয়াল খুচি মতে এফালৰ পৰা সংঘটিত একাধিক দুৰ্নীতি কৰি গৈছিল আৰু এতিয়া ক্ষমতাহীন হৈ এনেদৰেই অকলশৰীয়া হৈ পৰে।

তেজপুৰ বিশ্ববিদ্যালয় জুবিন গাৰ্গ