/asomiyapratidin/media/media_files/2025/12/09/1-2025-12-09-08-53-05.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ বাসগৃহত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। চোৰে চুৰি কৰে বহু কেইখন শৰাইকে ধৰি আন আন সা-সামগ্ৰীসমূহ। ইতিমধ্যে আৰক্ষীয়ে চুৰি সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/whatsapp-image-2025-12-09-08-53-48.jpeg)
উল্লেখ্য যে, তেজপুৰ সদৰ থানাৰ অধীনস্থ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক ৰাজা ইৰছাদে চুৰি কাৰ্য্যৰ লগত জড়িত দুটাক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কৰি নিয়া কাঁহ আৰু পিতলৰ শৰাই উদ্ধাৰ কৰে। ইপিনে তেজপুৰৰ বিভিন্ন নামঘৰৰ পৰা চুৰি কৰি নিয়া সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/whatsapp-image-2025-2025-12-09-08-54-01.jpeg)
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুটা চোৰক গ্ৰেপ্তাৰ কৰিছে। এইক্ষেত্ৰত চোৰ দুটা ভোজখোৱা চাপৰিৰ মফিজুল ওৰফে কালিয়া আৰু জুৰগৰৰ আব্দুল কালাম বুলি জানিব পৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/09/gedjkhkjd-2025-12-09-08-54-43.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us