/asomiyapratidin/media/media_files/2025/12/10/new-ap-web-1-1-2025-12-10-19-47-11.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ আজি শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি দিৱস ৷ অসম আৰু অসমীয়াৰ স্বজাতিৰ হকে প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী শ্বহীদক আজিৰ দিনটোত ৰাজ্যবাসীয়ে সোঁৱৰণ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-imag-2025-12-10-19-48-10.jpeg)
এই শ্বহীদ দিৱসৰ দিনটোতেই বিজেপিৰ পঞ্চায়ত সভাপতিয়ে ভাঙি দিলে শ্বহীদ বেদী ৷ দিকৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা শ্বহীদ বেদীখন ভাঙি পেলাই নাগশংকৰ পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-19-48-38.jpeg)
এই বিষয়টো সন্দৰ্ভত লক্ষীকান্ত বৰাৰ প্ৰতিক্ৰিয়া জানিবলৈ যাওঁতে আছুৰ কৰ্মকৰ্তা সকলক অশ্লীল ভাষাৰে গালি-গালাজ কৰে পঞ্চায়ত সভাপতি জনে ৷ ইয়াৰ পিছতে শোণিতপুৰ জিলা আছুৱে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ লগতে পঞ্চায়ত সভাপতি লক্ষীকান্ত বৰাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লব বুলি জনাবলৈ দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us