/asomiyapratidin/media/media_files/2026/02/10/karmaaa-2026-02-10-09-26-10.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ অনন্য গৱেষণাৰে বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয়ে সূৰ্যৰ শক্তি পৰিবহণক লৈ আন এক বিৰল তথ্য উদ্ভাৱনেৰে তেজপুৰকে ধৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এইক্ষেত্ৰত সূৰ্যৰ শক্তি পৰিবহণৰ সন্দৰ্ভত গৱেষকে নিজা গৱেষণাত আহৰণ কৰা অতি গুৰুত্বপূৰ্ণ তথ্য সন্দৰ্ভত বিশ্ববিদ্যালয়খনে সকলো বিষয় অৱগত কৰিছে।
উল্লেখ্য যে সূৰ্য্য কেৱল পোহৰ আৰু তাপৰ এক উজ্জ্বল পিণ্ডই নহয় ই এক গতিশীল আৰু সদায় সক্ৰিয় নক্ষত্ৰ যিয়ে পৃথিৱীৰ বায়ুমণ্ডল নিয়ন্ত্ৰণ কৰাৰ লগতে জীৱজগতক প্ৰাণদান কৰে। জানিব পৰা মতে সূৰ্যৰ উজ্জ্বল পৃষ্ঠৰ তলত শক্তিশালী তৰংগ আৰু শক্তিযুক্ত কণাবোৰ অহৰহ গতি কৰি থাকে আৰু শক্তি বাহিৰলৈ উলিয়াই আনে আৰু এই শক্তিৰ প্ৰৱাহ বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ,কাৰণ ই সৌৰ বিস্ফোৰণ,মহাকাশৰ বতৰ আৰু আনকি পৃথিৱীৰ চুম্বকীয় পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলায়।
এই বিষয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সৌভিক দাস আৰু অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। সেই অনুসৰি গৱেষণাত দেখা গৈছে যে উচ্চ-শক্তিৰ কণাসমূহে সূৰ্য্যৰ পৃষ্ঠত হোৱা কম্পন বা দোলন সমূহক (oscillations) নতুন ৰূপ দিয়াৰ লগতে সূৰ্য্যৰ তলৰ বায়ুমণ্ডললৈ শক্তি পৰিবহণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।
এই গৱেষণাৰ ফলাফলে সূৰ্যৰ মাজেৰে শক্তি কেনেকৈ গতি কৰে সেই সম্পৰ্কীয় এক দীৰ্ঘদিনীয়া ৰহস্যৰ ওপৰত নতুনকৈ পোহৰ পেলাইছে—যিটো ভৌতিক প্ৰক্ৰিয়া সৌৰ সক্ৰিয়তা আৰু মহাকাশৰ বতৰৰ পৰিঘটনাৰ সৈতে নিবিড়ভাৱে জড়িত। আনহাতে Analysis of Solar Surface Oscillations and Energy Transport with Bispectral Electronic Thermostatistics শীৰ্ষক এই গৱেষণাটো তেজপুৰ বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ গৱেষক ফেলো (DST-INSPIRE) সৌভিক দাস আৰু অধ্যাপক প্ৰলয় কুমাৰ কৰ্মকাৰে সম্পন্ন কৰিছে।
ইয়াৰোপৰি এই গৱেষণাটো শেহতীয়াকৈ The Astrophysical Journal (ApJ)ত প্ৰকাশ পাইছে,যিখন জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃ পদাৰ্থবিজ্ঞান ক্ষেত্ৰৰ বিশ্বৰ অন্যতম সন্মানীয় জাৰ্নেল আৰু American Astronomical Society (AAS)ৰ অধীনস্থ। এই সন্দৰ্ভত জনোৱা মতে সূৰ্য্যৰ পৃষ্ঠত প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা শব্দ-সদৃশ তৰংগৰ বাবে সদায় কম্পন চলি থাকে,যাক পাঁচ-মিনিটীয়া সূৰ্য্য দোলন (five-minute solar oscillation) বুলি কোৱা হয় আৰু এই দোলনসমূহে সূৰ্য্যক এটা ডাঙৰ ঘণ্টা বা প্ৰাকৃতিক সংগীত যন্ত্ৰৰ দৰে আচৰণ কৰিবলৈ বাধ্য কৰে।
এইক্ষেত্ৰত বিশ্বৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এই দোলনবোৰে সৌৰ পৃষ্ঠৰ পৰা সূৰ্যৰ বায়ুমণ্ডললৈ শক্তি ওপৰলৈ পৰিবহণ কৰাত সহায় কৰে। অৱশ্যে,এই শক্তি কেনেকৈ বৰ্তি থাকে উচ্চতাৰ সৈতে ইয়াৰ কেনে পৰিৱৰ্তন ঘটে আৰু ই শক্তিশালী কণাসমূহৰ সৈতে কেনেকৈ আন্তঃক্ৰিয়া কৰে এই বিষয়সমূহ বহু বছৰ ধৰি অন্বেষিত হৈ আছিল।
এই গৱেষণাত গৱেষক সকলে এটা উন্নত তাত্ত্বিক আৰ্হি প্ৰস্তুত কৰিছে যিয়ে সৌৰ প্লাজমাত উপস্থিত থকা নিম্ন-শক্তি আৰু উচ্চ-শক্তি উভয় ইলেক্ট্ৰনক সামৰি লৈছে। পৰম্পৰাগত পদ্ধতিসমূহৰ বিপৰীতে, এই নতুন আৰ্হিয়ে দ্ৰুতগতি সম্পন্ন উচ্চ-শক্তিৰ ইলেক্ট্ৰনসমূহ যাক ননথাৰ্মেল ইলেক্ট্ৰন (nonthermal electron) বুলি কোৱা হয়—সূৰ্য্যৰ পৃষ্ঠ দোলনত কেনেকৈ প্ৰভাৱ পেলায় তাক বাস্তৱধৰ্মীভাৱে ব্যাখ্যা কৰে। গৱেষণাটোৱে লগতে প্ৰতিষ্ঠা কৰিছে যে শক্তিশালী ননথাৰ্মেল প্ৰভাৱৰ ফলত কিছুমান সূৰ্য্য তৰংগ,বিশেষকৈ চাপ-নিয়ন্ত্রিত p-mode দোলনসমূহ দুৰ্বল হৈ পৰে।
উচ্চ-শক্তিযুক্ত ইলেক্ট্ৰনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তৰংগৰ গতি হ্ৰাস পায়। এই কথাই সূচাইছে যে শক্তিশালী কণাসমূহ তৰংগৰ সক্ৰিয়তাক দমন কৰিব পাৰে আৰু সূৰ্যৰ নিম্ন বায়ুমণ্ডলত শব্দ তৰংগৰ শক্তি কেনেকৈ পুনৰ বিতৰণ হয়, তাকো প্ৰভাৱিত কৰে। এই পৰিবাহিত শক্তিয়ে spicules, microspicules আৰু বায়ুমণ্ডলীয় তৰংগবোৰক ত্বৰান্বিত কৰাত সহায় কৰে। লগতে ই সূৰ্যৰ বহিঃস্তৰ ক্ৰম’স্ফিয়াৰ আৰু ক'ৰ’না উত্তপ্ত কৰাতো ভূমিকা পালন কৰে, যিবোৰ সূৰ্যৰ দৃশ্যমান পৃষ্ঠতকৈ অধিক গৰম।
গৱেষকসকলে কয় আমাৰ ফলাফলসমূহে দেখুৱাইছে যে সূৰ্যৰ পৃষ্ঠত থকা কিছুমান দ্ৰুত দোলনে পূৰ্বৰ ধাৰণাতকৈ অধিক শক্তি বহন কৰিব পাৰে। একে সময়তে শক্তিশালী ননথাৰ্মেল প্ৰভাৱে কিছুমান দোলনক দমন কৰিব পাৰে যাৰফলত সূৰ্যৰ বায়ুমণ্ডলত শক্তিৰ ভাৰসাম্য আৰু পৰিবহণ কেনেকৈ হয় সেই বিষয়ে এক স্পষ্ট ধাৰণা পোৱা যায়। গৱেষণাটোৰ মুখ্য লেখক সৌভিক দাসে কয়।
ইয়াৰ উপৰি গৱেষকসকলে এটা নতুন সংকৰ ক্ষয় আৰ্হি (hybrid decay model) প্ৰস্তাৱ কৰিছে যাতে এই p-mode চালিত শক্তি সৌৰপৃষ্ঠৰ পৰা ওপৰলৈ যোৱাৰ সময়ত কেনেকৈ ধীৰে ধীৰে কমি যায়, সেয়া ব্যাখ্যা কৰিব পাৰি। এই শক্তি হঠাৎ নোহোৱা হৈ নাযায় বৰঞ্চ সূৰ্যৰ বায়ুমণ্ডলীয় আৰু চুম্বকীয় প্ৰভাৱৰ সংমিশ্ৰণৰ বাবে উচ্চতা বৃদ্ধিৰ লগে লগে এই শক্তি স্থিৰভাৱে হ্ৰাস পায়।
এই কামে সৌৰপৃষ্ঠৰ দোলনৰ শক্তি গতিশীলতাৰ বিষয়ে নতুন তথ্য আগবঢ়ায় আৰু সূৰ্যৰ বিভিন্ন বহিঃস্তৰত কিমান শক্তি উপনীত হয় আৰু সেয়া সঠিকভাৱে নিৰূপণ কৰাত বিজ্ঞানীসকলক সহায় কৰে। জানিব পৰা মতে গৱেষণাটোৰ তাত্ত্বিক ফলাফলসমূহ NASA-ৰ Solar Dynamics Observatory (SDO)-ৰ অন্তৰ্গত Helioseismic and Magnetic Imager (HMI) আৰু জাপানৰ Hinode Solar Optical Telescope-ৰ পৰা সংগৃহীত উচ্চমানৰ পৰ্যবেক্ষণ তথ্য ব্যৱহাৰ কৰি যাচাই কৰা হৈছে,যাৰ ফলত এই গৱেষণাৰ বাস্তৱ জগতত প্ৰাসংগিকতা নিশ্চিত হৈছে।
এই গৱেষণাই স্পষ্টভাৱে দেখুৱাইছে যে ছুপ্ৰাথাৰ্মেল ইলেক্ট্ৰনসমূহে কেনেকৈ সৌৰ পৃষ্ঠৰ দোলন আৰু শক্তি পৰিবহণক প্ৰবলভাৱে প্ৰভাৱিত কৰিব পাৰে। ই তাত্ত্বিক আৰ্হি আৰু পৰ্যবেক্ষণমূলক প্ৰমাণৰ মাজত এক সফল সংযোগ স্থাপন কৰিছে। গৱেষণাৰ তত্ত্বাৱধায়ক তথা পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক ড° প্ৰলয় কুমাৰ কৰ্মকাৰে প্ৰকাশ কৰে।
সূৰ্যৰ মাজেৰে শক্তি কেনেকৈ প্ৰবাহিত হয় সেইটো বুজাটো কেৱল মৌলিক বিজ্ঞানৰ বাবেই নহয়,সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰাৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ এই ধুমুহাই পৃথিৱীত কৃত্ৰিম উপগ্ৰহ,বিদ্যুৎ গ্ৰীড আৰু যোগাযোগ ব্যৱস্থাত বিঘিনি ঘটাব পাৰে। এই গৱেষণাই সূৰ্য্য আৰু মহাকাশ পদাৰ্থবিজ্ঞান ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্রমবর্ধমান অৱদানক উজ্জ্বল কৰি তোলে আৰু ভাৰতৰ ভিতৰত বিশ্বস্তৰীয় বৈজ্ঞানিক অনুসন্ধান আগবঢ়োৱা অন্যতম প্ৰতিষ্ঠান হিচাপে ইয়াৰ স্থান সুদৃঢ় কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us