তেজপুৰৰ এগৰাকী কিশোৰীৰ হাতত জীৱন্ত ৰূপ পালে জুবিন গাৰ্গৰ এখন চিত্ৰই

তেজপুৰ কেতেকীবাৰীৰ নৱপ্ৰভাত অনাথ আশ্ৰমত থকা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰিয়া বিদ্যুৎ শইকীয়াই আজিলৈকে আনুষ্ঠানিকভাৱে চিত্ৰ অংকনৰ শিক্ষা নোলোৱাকৈয়ে নিজশ্ব চিন্তাশৈলীৰেই এনেদৰে ছবি অংকন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, তেজপুৰঃ হাতত এদাল কাঠ পেঞ্চিল আৰু এখন বগা কাগজ লৈ সুবিধা পালেই এগৰাকী কিশোৰীয়ে অংকন কৰে একো একোখন জীয়া ছবি। দেখিলেই মনলৈ এনে এক ভাৱ আহে যেন ছবিখনত থকা সেই লোকজনে এতিয়াই মাতি উঠিব আৰু সেয়াই হৈছে ইশ্বৰ প্ৰদত্ত প্ৰতিভা। যি অতি কম বয়সতে কৰি দেখুৱাবলৈ সক্ষম হৈছে এগৰাকী কিশোৰীয়ে। 

তৈল চিত্ৰ ,পানী ৰং,ৰঙীন পেঞ্চিল অথবা স্কেচ কলমৰে নহয়,এদাল সাধাৰণ কাঠ পেঞ্চিলৰ জৰিয়তে তেজপুৰৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী কিশোৰীৰ হাতত জীৱন্ত ৰূপত অনন্যভাৱে প্ৰাণ পাই উঠিছে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখন অতি জনপ্ৰিয় ছবিয়ে। এসময়ত প্ৰতিটো জনপ্ৰিয় কেছেটত থকা হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ এই আলোকচিত্ৰখনেই তাহানিৰ পৰা আজিলৈকে সকলোৰে মাজত সৰ্বাধিক জনপ্ৰিয় আৰু এইখন ছবিকেই জীৱন্ত ৰূপত অংকন কৰি উলিয়াইছে এই গৰাকী কিশোৰীয়ে। ইমানেই নহয় কিশোৰী গৰাকীয়ে খুব কম সময়ৰ ভিতৰতে ড্ৰয়িং বুকত জীৱন্ত ৰূপত অকল্পনীয়ভাৱে অংকন কৰা প্ৰতিখন ছবিয়েই দাঙি ধৰিছে অনন্য প্ৰতিভা আৰু চিত্ৰকলাৰ অতি আকৰ্ষণীয় দিশ। 

WhatsApp Image 2025-12-28 at 10.37.29 AM

উল্লেখ্য যে ,তেজপুৰ কেতেকীবাৰীৰ নৱপ্ৰভাত অনাথ আশ্ৰমত থকা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰিয়া বিদ্যুৎ শইকীয়াই আজিলৈকে আনুষ্ঠানিকভাৱে চিত্ৰ অংকনৰ শিক্ষা নোলোৱাকৈয়ে নিজশ্ব চিন্তাশৈলীৰেই এনেদৰে ছবি অংকন কৰি আহিছে। এইক্ষেত্ৰত তেজপুৰ কেতেকীবাৰীত থকা নৱপ্ৰভাত অনাথ আশ্ৰমৰ তত্বাৱধায়িকা তৃষ্ণামণি লস্কৰে কয় যে- ৰিয়া বিদ্যুৎ শইকীয়াই চিত্ৰ অংকনৰ আনুষ্ঠানিক কোনো শিক্ষা নোলোৱাকৈয়ে বিগত দিন ধৰি অগনন ছবি অংকন কৰি আহিছে আৰু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰিয়াই জুবিন গাৰ্গৰ কেইবাখনো ছবি অংকন কৰিছে। যিকেইখন ছবিয়ে সকলোকে মুগ্ধ কৰিছে। আৰু কয় যে-  ৰিয়া আমাৰ অনাথ আশ্ৰমলৈ দুবছৰ পূৰ্বে আহিছিল আৰু তেতিয়াৰ পৰাই আমাৰ লগতে থাকি নিয়মিতভাৱে ছবিৰ অংকনৰ চৰ্চা কৰি গৈছিল যদিও শেহতীয়াকৈ অকা ছবিকেইখন দেখি আমি সকলো আচৰিত হৈ পৰিছো। কিয়নো ক'তো নিশিকাকৈয়ে অপুৰ্বভাৱে শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠৰ ছবি অংকন কৰিছিল। আমি ভাবিছো শান্তিনিকেতনলৈ গলে ৰিয়াই আৰু অধিক ভালকৈ চিত্ৰকলাৰ জ্ঞান আহৰণ কৰিব পাৰিব। 

নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দি ৰিয়াই জুবিন গাৰ্গ,সুধাকণ্ঠ আৰু যীশুখ্ৰীষ্টৰ উপৰি বিভিন্নধৰনৰ একাধিক ছবি কাঠ পেঞ্চিলৰে অংকন কৰিছে। ইয়াৰোপৰি ৰিয়াই ছবি অংকনৰ লগতে নিজে লিখি সুৰ দিয়া গীতেও বহুতকে মুগ্ধ কৰিছে। এইক্ষেত্ৰত সকলোৱে ছবিৰ সমান্তৰালকৈ সাংস্কৃতিক ক্ষেত্ৰখনতো সফলতাৰে আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা জনাইছে। তেজপুৰ কেতেকীবাৰীৰ মজলীয়া বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰিয়া বিদ্যুৎ শইকীয়াৰ এই অনন্য প্ৰতিভাই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মুগ্ধ কৰিছে । 

79718213-845b-4213-bba5-3631c5a885d3

এইক্ষেত্ৰত নৱপ্ৰভাত অনাথ আশ্ৰমখনৰ তত্বাৱধায়িকা তৃষ্ণামণি লস্কৰে ৰিয়াৰ লগতে আশ্ৰম খনত থকা প্ৰতিগৰাকী কন্যা শিশু আৰু কিশোৰীক গীত,নৃত্য,ছবি অংকন আদিকে ধৰি সকলো ক্ষেত্ৰত জীৱন বাটত সফলতাৰে আগুৱাই যোৱাৰ বাবে বিগত দিন ধৰি বাৰুকৈয়ে উৎসাহিত কৰি আহিছে।উল্লেখ্য যে, অনাথ আশ্ৰমখনত এনে দিশতি প্ৰতিভাধৰ বহু কেইগৰাকী শিশু আৰু কিশোৰী আছে আৰু যিসকলে তৃষ্ণামণি লস্কৰৰ তৎপৰতাত গীত,নৃত্য আদিৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই যাবলৈ সক্ষম হৈছে।

তেজপুৰ জুবিন গাৰ্গ জুবিন