পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ গভীৰ শোক প্ৰকাশ

জাতিৰ বাবে উৎসৰ্গিত সত্বাৰ গৰাকী এইগৰাকী মহীৰূহে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষতাৰ বাবে আশাসুধীয়া শ্ৰম আৰু বিচক্ষণতাৰে যি অৱদান দি থৈ গ’ল সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ  অসমৰ সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মানৰে সন্মানিত হোৱা ‘আছাম ট্ৰিবিউন’ কাকতৰ সম্পাদক তথা সংবাদ প্ৰতিষ্ঠানটিৰ ‘চেয়াৰমেন ইমেৰিটাছ’ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু অসমৰ সাংবাদিকতা জগতখনৰ প্ৰতিয়েই এক দুঃখবৰ বুলি উল্লেখ কৰিছে সদৌ অসম সাংবাদিক সন্থা আজুৱে। 

f738affd-787d-4750-8023-6a0d442103d1

এইক্ষেত্ৰত কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ,সাধাৰণ সম্পাদক নকুল তালুকদাৰে কয় যে, এগৰাকী প্ৰবীণ সামাজিকভাৱে দায়বদ্ধ সংবেদনশীল লেখক তথা বিচক্ষণ সম্পাদকৰূপে প্ৰফুল্ল গোবিন্দ বৰুৱাই কেৱল সাংবাদিকতাৰ  জগতখনলৈকে নহয়,সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গ’ল সেয়া জাতীয় ইতিহাসত স্বৰ্ণিল অধ্যায়ৰূপে লিপিবদ্ধ হৈ ৰ’ব ৷ 

f738affd-787d-4750-8023-6a0d442103d1

উল্লেখ্য যে, জাতিৰ বাবে উৎসৰ্গিত সত্বাৰ গৰাকী এইগৰাকী মহীৰূহে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষতাৰ বাবে আশাসুধীয়া শ্ৰম আৰু বিচক্ষণতাৰে যি অৱদান দি থৈ গ’ল সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ৷ ইয়াৰোপৰি আজু ৰ সভাপতি আৰু সম্পাদক বিবৃতিযোগে কয় অসমৰ সংবাদ জগত আৰু জাতীয় জীৱনলৈ অসামান্য অৱদান আগবঢ়াই যোৱা এইগৰাকী পুৰোধালৈ গভীৰ দুখ বোধৰে সন্থাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল সমন্বিতে সকলো গুণমুগ্ধলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছে। বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু)ৰ সভাপতি মিণ্টু হেমৰণ ,কাৰ্যকৰী সভাপতি দিব্যজ্যোতি নাথ আৰু সম্পাদক অপুৰ্ব বৰাই গভীৰ শোক প্ৰকাশ কৰিছে।

তেজপুৰ