অদ্ভুত প্ৰতিবাদ ! গ্ৰীণ বাছত লখিমপুৰ-গুৱাহাটী নহয়, শম্ভূ সিঙৰ হায় হায় …

প্ৰতিটো ক্ষেত্ৰত উপাচাৰ্য শম্ভূ নাথ সিঙৰ দুৰ্নীতি অনিয়মৰ দস্তাবেজ উদঙাই আহিছে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলে। 

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল সংবাদ,তেজপুৰঃ  ‌‌উপাচাৰ্যবিহীন‌ ভাৱে চলি আছে তেজপুৰ বিশ্ববিদ্যালয়। শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ । ৭১ টা দিন ধৰি তেজপুৰ বিশ্ববিদ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ক'ত আছে উপাচাৰ্য শম্ভূ নাথ সিং। 

পানীৰ পৰা কিতাপলৈ, হোষ্টেলৰ পৰা লাইব্ৰেৰীলৈ প্ৰতিটো ক্ষেত্ৰত উপাচাৰ্য শম্ভূ নাথ সিঙৰ দুৰ্নীতি অনিয়মৰ দস্তাবেজ উদঙাই আহিছে ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰীসকলে। 

ৰাস্তাৰ অলিয়ে-গলিয়ে অদ্ভুত প্ৰতিবাদ শম্ভূনাথ সিঙৰ বিৰুদ্ধে। লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছৰ সন্মুখত লিখিলে শম্ভূ নাথ সিং হায় হায়। বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ ব্যৱসায়ী এজনে নতুনকৈ ক্ৰয় কৰা সেউজীয়া বাছত ডিজিটেল মাধ্যমেৰে উপাচাৰ্য শম্ভূ নাথ সিং হায় হায় লিখি দুৰ্নীতি অনিয়মৰ প্ৰতিবাদ কৰি অতি শীঘ্ৰে পদত্যাগৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধ । 

তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয়