মৌচম প্ৰতীম দত্তক প্ৰদান শ্ৰেষ্ঠ ৰক্তদাতা ২০২৫ ৰ বঁটা

মৌচম প্ৰতিম দত্ত নামৰ যুৱকজনে নিজে ৰক্তদান কৰাৰ লগতে যিকোনো প্ৰকাৰে ৰক্ত যোগান ধৰি মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ,তেজপুৰঃ  চিকিৎসাৰ সময়ত আত্মীয়ৰ বাবে এটোপাল তেজ বিচাৰি হাহাকাৰ কৰা লোকসকলক সহায় কৰাৰ সংকল্পৰে এই মহামন্ত্ৰক বুকুত সাৱতি লৈ বছৰ বছৰ দিন ধৰি নিৰৱে সমাজসেৱাত ব্ৰতী আহিছে তেজপুৰৰ এজন হৃদয়বান যুৱকে। দুৰ্ঘটনাত পতিত হোৱা অসুখত আক্ৰান্ত আৰু অস্ত্ৰোপ্ৰচাৰৰ সময়ত এটোপাল ৰক্ত বিচাৰি হাহাকাৰ কৰা সকলক চিকিৎসাত সহায়ৰ হেতু সুদীৰ্ঘ দিন ধৰি অধিক সময় মৌচম প্ৰতিম দত্তই নিজে ৰক্তদান কৰাৰ লগতে যিকোনো প্ৰকাৰে ৰক্ত যোগান ধৰি মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। 

WhatsApp Image 2025-11-24 at 3.19.35 PM

উল্লেখ্য যে ৰক্তদাতা মৌচম প্ৰতিম দত্তই সুদীৰ্ঘ ২৫ বছৰত ৬৫ বাৰ ৰক্তদান কৰিছে।

WhatsApp Image 2025-11-24 at 3.46.22 PM

সেই অনুসৰি মানৱসেৱাত ব্ৰতী হৈ অহা তেজপুৰ মাজগাঁৱৰ মৌচম প্ৰতিম দত্তক শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান "টিম ইউমেনিটি"য়ে ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদাতাৰ বঁটাৰে সন্মানিত কৰে। 

WhatsApp Image 2025-11-24 at 3.19.34 PM

প্ৰাণিধানযোগ্য যে  মানুহ আৰু মানৱতাৰ জয়গান গোৱা স্বেচ্ছাসেৱী অনুষ্ঠান টিম ইউমেনিটিৰ দশম বৰ্ষপূৰ্তি সমাৰোহ উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়।

WhatsApp Image 2025-11-24 at 3.19.35 PM (1)

এই ক্ষেত্ৰত বিপদৰ সময়ত ৰোগীক ৰক্তদান আৰু ৰক্তযোগান ধৰি বহু পৰিয়ালক নিস্বাৰ্থভাৱে সহায় কৰি অহা যুৱক মৌচম প্ৰতিম দত্তক টিম ইউমেনিটি"য়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই শ্ৰেষ্ঠ ৰক্তদাতা ২০২৫ বৰ্ষৰ বঁটা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি উৎসাহিত কৰি তোলে। 

WhatsApp Image 2025-11-24 at 3.19.34 PM (1)

আনফালে ৰক্তদান মহান দান বাণীৰে উদ্বুদ্ধ হৈ বহু লোককে সহায় কৰি অহা মৌচম প্ৰতিম দত্তৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে।

WhatsApp Image 2025-11-24 at 3.19.33 PM

তেজপুৰ