/asomiyapratidin/media/media_files/2025/09/01/ujjjd-2025-09-01-15-02-33.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অৱশেষত নাগাৰা নামৰ গায়িকা কৰিশ্মা নাথৰ বিৰূদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত “ পৰজনমত শুভলগনত গীতটি কলাগুৰুয়ে দি যোৱা সুৰ বিকৃত কৰি গোৱাক লৈ সৃষ্টি হোৱা বিতৰ্ক আজিও অব্যাহত আছে৷
পূৰ্বে ঘোষণা কৰাৰ দৰেই সোমবাৰে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাৰ লগতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ন্যাসে তেজপুৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰে৷
এজাহাৰ খনত কৰিশ্মা নাথৰ লগতে কৈলাশ তালুকদাৰ আৰু মন্টু ডেকাৰ বিৰূদ্ধেও অভিযোগ তুলি এজাহাৰ দাখিল কৰে হেমৰাজ ৰাভাই৷