বহিঃৰাজ্যৰ ভণ্ড বাবাই অতিষ্ঠ কৰিছে তেজপুৰবাসীক...

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহি তেজপুৰত থিতাপি লোৱা একাংশ ভণ্ডবাবাৰ কম-কাণ্ডই  ৰাইজক শেহতীয়াকৈ অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে৷ ইফালে একাংশ ভণ্ড বাবাই অতি প্ৰৱঞ্চনাৰে চহৰ খনৰ

author-image
Asomiya Pratidin
New Update
yhhhss

ডিজিটেল সংবাদ,তেজপুৰঃ  দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহি তেজপুৰত থিতাপি লোৱা একাংশ ভণ্ডবাবাৰ কম-কাণ্ডই  ৰাইজক শেহতীয়াকৈ অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে৷ ইফালে একাংশ ভণ্ড বাবাই অতি প্ৰৱঞ্চনাৰে চহৰ খনৰ জনসাধাৰণৰ ধন-সম্পদ লুট কৰা ঘটনাই ৰাইজক শংকিত কৰি তুলিছে৷

Advertisment

এইক্ষেত্ৰত এনে দুই ভণ্ড বাবাক ৰাইজে উত্তম-মাধ্যম দি কাণত ধৰাই আঠুকঢ়াই আৰক্ষীক চমজাই দিয়াৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যেই তেজপুৰ  আৰক্ষীয়ে দুই ভণ্ড বাবাক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে,তেজপুৰ চহৰৰ সমীপৰ মিছণ চাৰিআলিৰ  অশোক মটৰ্চ মহেন্দ্ৰ ডিলাৰৰ সমীপত দুজন বাবাই প্ৰথমে এজন যুৱকৰ পৰা ভিক্ষা বিচাৰে।

সেই মতে  যুৱকজনে তেওঁলোকক ভিক্ষা হিচাপে ৫০ টকা দিয়াৰ পিছত যুৱকজনৰ পৰা বিভিন্ন চল-চাতুৰিৰে তিনি হাজাৰ টকা লুণ্ঠন কৰে৷ পৰৱৰ্ত্তী সময়ত বাবা দুজন ভণ্ড বুলি জানিব পাৰি যুৱকজনে হৈ চৈ কৰাত স্থানীয় ৰাইজ উপস্থিত হয় আৰু ভণ্ড বাবা দুজনক উত্তম-মাধ্যম দি কাণত ধৰাই আঠু কঢ়াই থয়৷

ইয়াৰ পিছতে ঘটনা বিষয়ে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ভণ্ড বাবা দুজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে৷ উল্লেখ্য যে, এনে ধৰণৰ ভণ্ডামিৰে ধন সৰকাই ফুৰা ভণ্ড বাবা দুজন উত্তৰ প্ৰদেশৰ সন্দ্বীপ কুমাৰ আৰু অনিকেট কুমাৰ কপিল বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণ যে, এইদৰে তেজপুৰ চহৰখনত বহিঃৰাজ্যৰ পৰা অহা একাংশ ভণ্ড বাবাই টিঘিল-ঘিলাই বিভিন্ন প্ৰৱঞ্চনাৰে বিভিন্নজনৰ পৰা ধন-সম্পদ লুণ্ঠন কৰি অহাটো সম্প্ৰতি সাধাৰণ ঘটনাত পৰিণত হৈছে৷

তেজপুৰ