তেজপুৰত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সন্মুখত  শতাধিক অস্থায়ী শ্ৰমিকৰ উত্তাল প্ৰতিবাদ …

 ঠিকাদাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে তেজপুৰ বিন্দু কুৰিত থকা ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সন্মুখত শতাধিক অস্থায়ী শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
65

ডিজিটেল সংবাদ,তেজপুৰঃ  ঠিকাদাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে তেজপুৰ বিন্দুকুৰিত থকা ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ সন্মুখত শতাধিক অস্থায়ী শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। সুদীৰ্ঘ ১১ মাহে ভৱিষ্য নিধিৰ ধন নোপোৱাৰ অভিযোগ উত্থাপন কৰি শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। 

উল্লেখ্য যে, ঠিকাদাৰ দুদুল চৌধুৰীয়ে শ্ৰমিকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ। তেজপুৰ বিন্দু কুৰিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ প্ৰাপ্তি আদায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষুদ্ধ শ্ৰমিকসকলে গুৱাহাটীৰ ঠিকাদাৰ দুদুল চৌধুৰীক অতি শীঘ্ৰে আঁতৰাই পঠাবৰ কাৰণে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।

তেজপুৰ