তেজপুৰৰ বাণ থিয়েটাৰত বলিষ্ঠ মঞ্চায়ন "ভগৱানৰ সন্ধানত "...

যোৱা ২ ফেব্ৰুৱাৰীত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মঞ্চত বলিষ্ঠ মঞ্চায়ন হয় "ভগৱানৰ সন্ধানত " শীৰ্ষক এখন নতুন নাটক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত আমাৰ সমাজ ব্যৱস্থাৰ এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা উঠি অহা প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি অত্যধিক আসক্তিয়ে একোটা পৰিয়াললৈ অশনি সংকেত কঢ়িয়াই আনিছে। সৰ্বস্বান্ত হৈ পৰিছে একো একোটা পৰিয়াল। বহু আদৰ্শবান পিতৃ মাতৃৰ সন্তানো এই মাৰাত্মক ড্ৰাগছৰ কবলত পৰি পিতৃ -মাতৃক মানসিকভাৱে পৰিশ্ৰান্ত কৰি অসহায় অৱস্থাৰ সন্মুখীন কৰি পেলোৱা এক কাহিনীৰ আলমত ৰাইজৰ সজাগতাৰ পৰিপ্ৰেক্ষিতত সেই ড্ৰাগছ বেপাৰীক পুলিয়ে পোখাই উচ্ছেদ কৰি সমাজলৈ এক সুস্থ আৰু সুন্দৰ বাতাবৰণ কঢ়িয়াই অনা ইতিবাচক দিশৰ ওপৰত যোৱা ২ ফেব্ৰুৱাৰীত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মঞ্চত বলিষ্ঠ মঞ্চায়ন হয় "ভগৱানৰ সন্ধানত " শীৰ্ষক এখন নতুন নাটক।

WhatsApp Image 2026-02-04 at 12.15.09 PM

উল্লেখ্য যে, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি ,তেজপুৰ উত্তৰ আঞ্চলিক যুৱ-শিশু বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ,নিষ্ঠাবান সমাজকৰ্মী তথা পুৰোধা নাট্যশিল্পী দেবেন শৰ্মাৰ ২১ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি দেবেন শৰ্মাৰ পুত্ৰ দেৱব্ৰত শৰ্মা ৰচিত আৰু দিগন্ত কুমাৰ ভূঞা পৰিচালিত "ভগৱানৰ সন্ধানত " শীৰ্ষক নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে ।উদ্বোধনী ভাষণত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে নিজৰ পিতৃৰ স্মৃতি দিৱসত পুত্ৰই এখন নাটক ৰচনা কৰি মঞ্চস্থ কৰাটো পিতৃলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি মন্তব্য কৰাৰ পাছতেই ৰচনাৰ পাছত প্ৰথমবাৰৰ বাবে দিগন্ত কুমাৰ ভূঞাৰ বলিষ্ঠ পৰিচালনাৰে মঞ্চস্থ হয় নাটকখন।

WhatsApp Image 2026-02-04 at 12.15.08 PM (1)

উল্লেখ্য যে, বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে উদ্বোধন কৰাৰ পাছত প্ৰায় ডেৰঘণ্টা সময় দৰ্শক সকলে উপভোগ কৰি আপ্লুত হৈ পৰে নতুন নাটকখন। সম্পূৰ্ণ থলুৱা লোকবাদ্য ব্যৱহাৰ কৰি নৱপ্ৰজন্মৰ সংগীতশিল্পী অমিত বড়োৱে অতি অৰ্থবহ ভাৱে সংগীত পৰিচালনা কৰা ,তৰুণ নাথৰ দৃশ্যসজ্জা ,উজ্জ্বল শইকীয়াৰ পোহৰ ,দিব্যজ্যোতি নাথৰ ৰূপসজ্জা ,ৰণেন শৰ্মাৰ স্মাৰক আৰু ৰঞ্জনৰ শব্দৰে সামগ্ৰীক সফলতা লাভ কৰা নাটকখনৰ বিভিন্ন চৰিত্ৰ সমূহ ৰূপায়ণ কৰা শিল্পী সকল আছিল অচ্যুত শৰ্মা ,মনোৰঞ্জন মহন্ত ,তিলক চন্দ্ৰ নাথ ,তাজ হুছেইন ,অশ্বিনী বৰা ,সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ,উজ্জ্বল শইকীয়া ,ৰাজীৱ মহন্ত ,ৰাজীৱ শৰ্মা ,সঞ্জীৱ বৰঠাকুৰ ,সোণটি দাস ,অৰুণ কুমাৰ শৰ্মাৰ লগতে মহিলাৰ চৰিত্ৰত প্ৰীতি খাউণ্ড মহন্ত আৰু নৱাগতা ধৃতিস্মা আল্যব্যানৰ উপৰি নাটকখনৰ অন্যতম মূল চৰিত্ৰত অবিনাশ ভৰদ্বাজে সাৱলীল অভিনয় কৰে।আনহাতে নাটকখনৰ এক বিশেষ নৃত্যাংশত কিশোৰী ইধা ভৰদ্বাজ আৰু কীৰ্ত্তনা কাকতিয়ে সুন্দৰ নৃত্য পৰিৱেশন কৰাৰ উপৰি বিশেষ চৰিত্ৰত কিশোৰ ক্ৰমে -তাঞ্জিল হুছেইন ,আয়ুস মহন্ত ,ৰিয়ান কৌশিক ,মহাৰ্ণৱ দেৱচৌধুৰী আৰু চায়াংক দাসেও ভৱিষ্যতৰ একোগৰাকী সু অভিনেতা -অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।

WhatsApp Image 2026-02-04 at 12.15.08 PM

তেজপুৰ