শোণিতপুৰত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকাকৰণ অভিযান

জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে তেজপুৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু টিকাকৰণ অভিযান সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ সময়ে সময়ে ভয়াৱহ ৰূপ ধাৰণ কৰি অহা মাৰাত্মক জাপানীজ এনকেফেলাইটিছ  ৰোগ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰতিবছৰে টিকাকৰণ অভিযান চলাই আহিছে। এনে সময়তে প্ৰতি বছৰে এছিয়া মহাদেশত প্ৰায় ৫০ হাজাৰৰ পৰা ৩ লাখৰো অধিক লোক এই ভয়ংকৰ ৰোগত আক্ৰান্ত হোৱাৰ বিস্ফোৰক তথ্য শোণিতপুৰৰ জিলা আয়ুক্তৰ সংবাদমেল যোগেদি পোহৰলৈ আহিছে। 

উল্লেখ্য যে- জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে তেজপুৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু টিকাকৰণ অভিযান সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে । এইক্ষেত্ৰত সংবাদমেলত জিলা আয়ুক্ত গৰাকীয়ে কয় যে, জাপানীজ এনকেফেলাইটিছ  হৈছে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এটা মাৰাত্মক ৰোগ আৰু এছিয়া মহাদেশৰ কৃষিপ্ৰধান অঞ্চলসমূহত এই ৰোগৰ প্ৰাদূৰ্ভাৱ বেছি দেখা যায়। এইক্ষেত্ৰত কিউলেক্স প্ৰজাতিৰ মহৰ কামোৰৰ জৰিয়তে এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু মগজু সংক্ৰমিত কৰি দীৰ্ঘস্থায়ী শাৰীৰিক আৰু মানসিক অক্ষমতাৰ সৃষ্টি কৰিব পাৰে। বহু লোকৰ ক্ষেত্ৰত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ হলেও কোনো লক্ষণ দেখা নাযায়। 

WhatsApp Image 2026-01-17 at 2.18.26 PM

এইক্ষেত্ৰত এই ৰোগত আৰম্ভণিতে সাধাৰণ ভাইৰেল জ্বৰৰ দৰে দেখা দিয়ে আৰু জ্বৰ, মূৰৰ বিষ, ভাগৰ লগা,বমি আদি লক্ষণ হ’ব পাৰে। কিন্তু যি সকলৰ ক্ষেত্ৰত জাপানীজ এনকেফেলাইটিছৰ গুৰুতৰ লক্ষণ দেখা দিয়ে যেনে অস্থিৰতা, অচেতন হৈ পৰা, কনভালচন বা শৰীৰৰ কোনো অংগ বিকল হোৱা, তাৰে প্ৰায় ৩০ শতাংশ লোকৰ মৃত্যু হয় আৰু প্ৰায় ৪০ শতাংশলোকৰ মগজু স্থায়ীভাৱে ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত দীৰ্ঘস্থায়ী শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধকতা সৃষ্টি হয়। জিলা আয়ুক্তই লগতে কয়- প্ৰতি বছৰে এছিয়া মহাদেশত প্ৰায় ৫০ ৰ পৰা ৩ লাখ লোক এই ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় ১৫,০০০ জনৰ মৃত্যু হয়। অসমতো এই ৰোগৰ বহুতো বৃহৎ সংঘটিত হৈ আহিছে।

এইক্ষেত্ৰত বিগত কেইবছৰৰ তথ্য অনুসাৰে ২০২২ বৰ্ষত ৪৫৬ টা কেছৰ বিপৰীতে ৯৬ ৰ মৃত্যু (CFR প্ৰায় ২১%),২০২৩ বৰ্ষত ৬৭০ টা কেছৰ বিপৰীতে ৫২ মৃত্যু (CFR প্ৰায় ১৫%)২০২৪ বৰ্ষত ৩৩৬ টা কেছৰ বিপৰীতে ৫২ মৃত্যু (CFR প্ৰায় ১৫%),২০২৫ বৰ্ষত ৪২১ টা কেছৰ বিপৰীতে ৯২ মৃত্যু (CFR প্ৰায় ২২%) হৈছিল। শিশুকে ধৰি যিকোনো বয়সৰ লোকৰে জাপানীজ এনচেফেলাইটিছ ৰোগত হ’ব পাৰে। ১৫–৬৫ বছৰৰ বয়সৰ লোকসকল নতুনকৈ সংক্ৰমিত হোৱা অঞ্চলত অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। সেয়ে প্ৰতিৰোধেই একমাত্ৰ উপায়, আৰু ইয়াৰ ভিতৰত প্ৰতিষেধক টিকাকৰণ আটাইতকৈ নিৰাপদ আৰু কার্যকৰী উপায় আৰু মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰখা অতি প্ৰয়োজনীয়। 

WhatsApp Image 2026-01-17 at 2.18.27 PM

সংবাদমেলত জিলা আয়ুক্ত দাসে জানিবলৈ দিয়ে যে, শোণিতপুৰত প্ৰাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান ১৯ জানুৱাৰী ২০২৬ তাৰিখৰ পৰা আৰম্ভ হ’ব। তেওঁ লগতে কয় জনগণক জাপানীজ এনকেফেলাইটিছ  ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ উদ্যোগতে এই বিশেষ টিকাকৰণ অভিযান গ্ৰহণ কৰা হৈছে। এই অভিযানৰ মূল লক্ষ্য হৈছে শোণিতপুৰ জিলাৰ ১৫ বছৰ পৰা ৬৫ বছৰ বয়সৰ সকলো যোগ্য নাগৰিকক জে-ই ৰোগৰ পৰা সুৰক্ষিত কৰা। শোণিতপুৰ জিলাৰ মুঠ জনসংখ্যা প্ৰায় ১৩,১৬,০৮৮ জন আৰু ইয়াৰে মুঠ জনসংখ্যাৰ ৪৭% অৰ্থাৎ ৫,২৪,৩৬০ লোক (গৰ্ভৱতী মহিলা আৰু গুৰুতৰভাৱে ৰুগীয়া লোকসকলক বাদ দি ঘৰে ঘৰে জৰীপ চলাই বাচি উলিওৱা হৈছে ৷) ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ গোটত অন্তৰ্ভুক্ত যিসকল এই প্ৰাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছৰ  টিকাকৰণ অভিযানৰ প্ৰধান লক্ষ্যভুক্ত। এই তিনি সপ্তাহীয়া অভিযান সফলভাৱে সম্পন্ন কৰিবলৈ জিলাখনৰ স্বাস্থ্য ব্যৱস্থাক সুসংগঠিতভাৱে সক্ৰিয় কৰা হৈছে। 

WhatsApp Image 2026-01-17 at 2.18.27 PM (1)

জিলাখনত মুঠ ৫টা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ৪৫ খন চাহ বাগিছা আৰু ১৪৮ টা উপ-কেন্দ্ৰৰ জৰিয়তে টিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমগ্ৰ অভিযানত মুঠ ২,৮৭৪ টা টিকাকৰণ ছেশ্যন পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে ১,১৬০টা টিকাকৰণ কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি বিভিন্ন বিদ্যালয়ত ৬৪৭ টা,দুৰ্গম অঞ্চলত ২৯৯ টা,সাধাৰণ টিকাকৰণ কেন্দ্ৰ ৮৬১ টা আৰু অন্যান্য স্থান ৫১৩ টা টিকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানত ১,১১৬ গৰাক আশাকৰ্মী,৩৩৮ জন এ এন এম নাৰ্ছ, ২,১৮৫ জন অংগনৱাড়ী কৰ্মী,৪৪৯ জন স্বেচ্ছাসেৱক,৬৭৫ জন বিদ্যালয় শিক্ষক,২১০ জন পৰ্যবেক্ষক নিয়োজিত কৰা হৈছে। টিকাকৰণ অভিযানৰ অধীনত টিকা সম্পূৰ্ণৰূপে বিনামূলীয়া ভাৱে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে।

তেজপুৰ