তেজপুৰ চহৰৰ মাজমজিয়াত মহিলাক ভাবুকি প্ৰদান কৰি অশালীন ব্যৱহাৰ দুই উদণ্ড যুৱকৰ...

এক সামান্য কথাতে দুৰ্ঘটনাৰ আলম লৈ আজি  নিশা তেজপুৰ চহৰৰ মাজমজিয়াত দুজন উদণ্ড যুৱকে এগৰাকী মহিলাক চূড়ান্তভাৱে অশালীন ব্যৱহাৰ কৰি শৰীৰৰ গোপন অংগত স্পৰ্শ কৰা ঘটনাক লৈ  পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
addaadadad

ডিজিটেল সংবাদ, তেজপুৰঃ এক সামান্য কথাতে দুৰ্ঘটনাৰ আলম লৈ আজি  নিশা তেজপুৰ চহৰৰ মাজমজিয়াত দুজন উদণ্ড যুৱকে এগৰাকী মহিলাক চূড়ান্তভাৱে অশালীন ব্যৱহাৰ কৰি শৰীৰৰ গোপন অংগত স্পৰ্শ কৰা ঘটনাক লৈ  পৰিস্থিতি উত্তাল হৈ পৰে।

এইক্ষেত্ৰত দুইজন যুৱকক গ্ৰেপ্তাৰৰ দাবীত শতাধিক লোকে তেজপুৰ সদৰ থানা ঘেৰাও কৰে। জানিব পৰা মতে আজি নিশা ৬ মান বজাত এগৰাকী মহিলাক নিজৰ গাড়ী লৈ তেজপুৰ চহৰৰ জোনাকী পথেৰে গৈ থকাৰ সময়তে অকস্মাৎ এখন বাইকৰে খুন্দা লাগে।

e94cb93e-15dc-44ad-a90a-e2a1f54c7d5b

ইয়াৰ পিছতে মহিলা গৰাকীয়ে গাড়ীৰ পৰা নামি অহাৰ পিছতে উদণ্ড যুৱকদুজনে অতি অশ্লীল ভাষাৰে গালি গালাজ পৰাতে ক্ষান্ত নাথাকি গোপন অংগত স্পৰ্ষ কৰে। ইফালে ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে লগে লগে পৰিয়ালৰ লোকক খবৰ দিয়াত কেইবাজনো লোক উপস্থিত হয়।

অভিযোগ মতে যুৱকদুজনে মহিলাগৰাকীৰ পৰিয়ালৰ লোককো বিভিন্নধৰনে ভাবুকি প্ৰদান কৰে। এইক্ষেত্ৰত মহিলাগৰাকীয়ে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰি অতিশীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে। তদুপৰি শতাধিকলোকে দুইজন যুৱকক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰ সদৰ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে।

2b50e505-1214-45c8-abce-53c13210e875

তেজপুৰ