অফুৰন্ত মেধাৰ বলত বিশ্বত জিলিকিছে ছেমিকণ্ডাক্টৰ প্ৰচেছ বিশেষজ্ঞ ড° মুকুট সেনাপতি

উল্লেখ্য যে ছেমিকণ্ডাক্টৰ প্ৰচেছ বিশেষজ্ঞ ড° মুকুট সেনাপতিয়ে বিশ্বৰ অন্যতম সৰ্বাধিক প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় গৱেষণা কাৰ্যসূচী জাৰ্মানীৰ প্ৰসিদ্ধ Alexander von Humboldt Research Fellowship লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ বিশ্বৰ শৈক্ষিক মানচিত্ৰত দিনৌ ন ন বিভিন্নধৰনৰ।গৱেষণামূলক আৱিস্কাৰেৰে জিলিকি উঠা তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন প্ৰাক্তন মেধাৱী ছাত্ৰই বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ বাবে জাৰ্মানীৰ পৰা সন্মানীয় ফেলশ্বিপ লাভ কৰি সমগ্ৰ ৰাজ্যখনলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে। পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ দুৰ্নীতিক লৈ তিনিমাহ ধৰি চলি থকা অচলাৱস্থাই সকলোকে অতিকৈ চিন্তিত কৰি তোলাৰ সময়তে প্ৰাক্তন ছাত্ৰজনৰ এই কৃতিত্বই বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য,অধ্যাপক,শিক্ষাৰ্থী আৰু গৱেষক সকলৰ মুখত হাঁহি বিৰিঙাই তুলিছে।

91ff18ba-df3c-4b13-81a4-40ac734955f4

উল্লেখ্য যে ছেমিকণ্ডাক্টৰ প্ৰচেছ বিশেষজ্ঞ ড° মুকুট সেনাপতিয়ে বিশ্বৰ অন্যতম সৰ্বাধিক প্ৰতিযোগিতামূলক আন্তঃৰাষ্ট্ৰীয় গৱেষণা কাৰ্যসূচী জাৰ্মানীৰ প্ৰসিদ্ধ Alexander von Humboldt Research Fellowship লাভ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, বিশ্বৰ ৬০ জনতকৈ অধিক ন’বেল বটা বিজয়ী বিজ্ঞানী আৰু বিশ্বজুৰি ৩০,০০০ তকৈ অধিক অগ্ৰণী বিজ্ঞানীৰ সৈতে জাৰ্মানীৰ এই প্ৰসিদ্ধ ফেল’শ্বিপটো সংযুক্ত হৈ আছে। অফুৰন্ত মেধাৰ বলত জাৰ্মানীৰ বিশ্ব প্ৰসিদ্ধ ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হোৱা ড° মুকুট সেনাপতিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক পাৰ্থ প্ৰতিম চাহুৰ তত্ত্বাৱধানতে পি এইচ.ডি সম্পূৰ্ণ কৰিছিল। উল্লেখ্য যে ছেমিকণ্ডাক্টৰ ডিভাইচ, মাইক্ৰো/নেনো ফ্যাব্ৰিকেশ্বন আৰু উন্নত প্ৰচেছ ইঞ্জিনিয়াৰিং মুকুট সেনাপতিৰ গৱেষণাৰ মুল বিষয় আছিল আৰু তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত মাইক্ৰোফ্যাব্ৰিকেশ্বন সুবিধা স্থাপন কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

91ff18ba-df3c-4b13-81a4-40ac734955f4

তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং বিভাগৰ পৰাই মুকুুট সেনাপতিয়ে বি.টেক আৰু এম.টেক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল যাৰ বাবে তেওঁ সকলো শৈক্ষিক পৰ্যায়তে বিশ্ববিদ্যালয়খনৰ এজন মেধাসম্পন্ন ছাত্ৰৰূপেও পৰিচিত হৈছিল। সেই অনুসৰি ড°মুকুট সেনাপতিয়ে জাৰ্মানীত Humboldt Fellowship-ৰ অধীনতে মাইক্ৰ’চিষ্টেমছ ইঞ্জিনিয়াৰিং আৰু অংক’লজি ক্ষেত্ৰত উন্নত গৱেষণা কৰিব। উল্লেখ্য যে এই গৱেষণাটো জাৰ্মানীৰ Technische Universität Dresden আৰু Helmholtz-Zentrum Dresden-Rossendorf (HZDR)-ত যৌথভাৱে অনুষ্ঠিত হ’ব।

তেজপুৰ