ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ বায়ু সেনা বাহিনীৰ অৱসৰ প্ৰাপ্ত বিষয়া

ভাৰতীয় সেনা বাহিনীৰ তথ্য পাকিস্তানক যোগান ধৰাৰ তথ্য লাভ কৰিছে তেজপুৰ আৰক্ষীয়ে। ইপিনে অৱসৰ প্ৰাপ্ত বিষয়াগৰাকীৰ পৰা মোবাইল ফোন,লেপটপ জব্দ কৰিছে তেজপুৰ আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1
  • পাকিস্তানী চোৰাংচোৱা সংস্থাৰে জড়িত থকাৰ অভিযোগত তেজপুৰত এজন অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক গ্ৰেপ্তাৰ 
  •  তেজপুৰৰ পাতিয়া চুবুৰীৰ কুলেন্দ্ৰ শৰ্মা নামৰ অৱসৰ প্ৰাপ্ত বায়ুসেনাৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে
  • অৱসৰ প্ৰাপ্ত বিষয়াগৰাকীৰ পৰা  মোবাইল ফোন,লেপটপ জব্দ কৰিছে তেজপুৰ আৰক্ষীয়ে
  •  ২০০২ চনতেই বায়ুসেনাৰ পৰা অৱসৰ লৈ পৰৱৰ্তী পৰ্যায়ত তেজপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰিছিল কুলেন্দ্ৰ শৰ্মাই
  • ভাৰতীয় সেনা বাহিনীৰ তথ্য পাকিস্তানক যোগান ধৰাৰ তথ্য লাভ কৰিছে তেজপুৰ আৰক্ষীয়ে
  •  আৰক্ষীয়ে  সোধা-পোছা  অব্যাহত ৰাখিছে
  • ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতা আইনৰ ১৪৭/১৪৮/১৫২/২৩৮,৬১(২) ধাৰাত তেজপুৰ সদৰ থানাত পঞ্জীভুক্ত ৭৮৫/২৫ নং যোগে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে

30b4d873-30bb-4586-844a-2b366b2e0689

তেজপুৰ