/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-22-27-52.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ ভাৰত চীন যুদ্ধৰ ভয়াবহ পৰিস্থিতিৰ সময়তে দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষাৰ কাৰণে গঠন হোৱা সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনিবাৰীৰ প্ৰশিক্ষণ কেন্দ্ৰত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত ২০২৫ বৰ্ষৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়।শালনিবাৰীৰ ছত্ৰপতি শিৱাজী পেৰেদ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা ২৬৩ আৰু ২৬৪ তম বি আৰ টি চিৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি তথা এচ এচ বিৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহা-পৰিদৰ্শক বিশ্বজিত কুমাৰ পাল উপস্থিত থাকে। দেশৰ ১৭ খনকৈ ৰাজ্যৰ ৩৬৮ পুৰুষ আৰু ৩০ মহিলা জোৱানসহ ৩৯৮ গৰাকীয়ে দেশ মাতৃৰ সুৰক্ষাৰ বাবে শপত গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/6bfe022a-77f.png)
ইয়াৰ পিছতে দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচী অনুসৰি সশস্ত্ৰ সীমা বলৰ তেজপুৰ ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক বিশ্বজিত কুমাৰ পালে নৱনিযুক্ত জোৱানসকলৰ পৰা অভিবাদন গ্ৰহণ কৰে। কাৰ্যসূচীত শালনিবাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ-মহাপৰিদৰ্শক এইচ এন বিষ্টে আদৰণি ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে সম্ভাষণ জনায়। উল্লেখ্য যে, ভাৰত চীন যুদ্ধৰ সময়ত ১৯৬৩ চনত স্থাপিত হোৱা সশস্ত্ৰ সীমা বলৰ শালনিবাৰী প্ৰশিক্ষণ কেন্দ্ৰ ১ ডিচেম্বৰ ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল। এইক্ষেত্ৰত ভাৰত নেপাল আৰু ভাৰত ভূটান সীমান্তৰ লগতে বিভিন্ন ৰাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব লাভ কৰা এচ এচ বিৰ দীক্ষান্ত সমাৰোহত অত্যাধুনিক অস্ত্ৰশস্ত্ৰৰো প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/23877586-b51.png)
সমাৰোহৰ মুখ্য অতিথি ফ্ৰন্টিয়াৰৰ মহানিৰ্দেশক বিশ্বজিত কুমাৰ পালে ভাষণ প্ৰদান কৰি কয়, ভাৰত চীন যুদ্ধৰ সময়তে গঠন হোৱা এচ এচ বিয়ে আৰম্ভণিৰ পৰাই দেশৰ কাৰণে গৌৰৱেৰে সেৱা আগবঢ়াই অহাৰ লগতে এচ এচ বিয়ে ২০০১ চনত ভাৰত নেপাল আৰু ২০০৪ ভাৰত ভূটান সীমান্তবৰ্তী এলেকাৰ সীমাৰ সুৰক্ষাৰো দায়িত্ব লাভ কৰে। উল্লেখ্য যে, ঝাৰখণ্ড,ছট্টিছগড়,বিহাৰ আৰু মণিপুৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সাহসেৰে সেৱা আগবঢ়াই আহিছে। আনহাতে দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচীত জোৱান সকলে পেৰেডৰ উপৰি যোগা,পি-টি,জুইৰ মাজেৰে জপিয়াই পাৰ হোৱা আৰু মলখমকে ধৰি জোৱানসকলে বিভিন ধৰণৰ দুঃসাহসীক কলা-কৌশলৰো প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/d58564b1-626.png)
কাৰ্যসূচীত তেজপুৰ বায়ুসেনা বাহিনীৰ সেনাবিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া সকলৰ লগতে এচ এচ বিৰ বিষয়া জোৱান আৰু বহু গণ্যমান্য লোক উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ শেষত মহাপৰিদৰ্শক বিশ্বজিত কুমাৰ পালে সাংবাদিকৰ আগত কয় - এতিয়া ভাৰত নেপাল আৰু ভাৰত ভূটান সীমান্তৰ পৰিস্থিতি শান্তিপূৰ্ণ আৰু অসম অৰুণাচলৰ এলেকাত সশস্ত্ৰ সীমা বলৰ জোৱানসকলে নিজৰ কৰ্তব্য পালন কৰি আছে। ইয়াৰোপৰি কোনো চিন্তাজনক পৰিস্থিতিক লৈ বৰ্তমান সময়ত কোনোধৰণৰ খবৰো নাই। তেওঁ লগতে কয় বিহাৰ, ঝাৰখণ্ড আৰু ছট্টিছগড়ত এচ এচ বিয়ে নক্সালবাদৰ বিৰুদ্ধে অব্যাহত থকা অপাৰেচন চলাই গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us