/asomiyapratidin/media/media_files/2025/12/04/new-ap-web-11-11-24-new-2-2025-12-04-16-58-06.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ আমাৰ কৃষক আমাৰ গৌৰৱ। কৃষিকৰ্ম আৰু উৎপাদনমুখী চিন্তাৰে ধান,মাহ, সৰিয়হ,মাকৈ আদিকে ধৰি বিভিন্ন খেতি কৰি অহা অসমৰ বহু কৃষকে উৎপাদিত কৃষি সামগ্ৰীৰ বিপৰীতে উচিত মূল্য নাপাই হতাশ হৈ আহিছে। এনে সময়তে মানৱসেৱা আগবঢ়াই অহা ৰেডক্ৰছ চচাইটিয়ে পোন প্ৰথমবাৰৰ বাবে কৃষকৰ বাবে শুল্কহীন সাপ্তাহিক বজাৰৰ ব্যৱস্থা গ্ৰহন কৰি এক নজিৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-16-54-42.jpeg)
উল্লেখ্য যে, শোণিতপুৰ জিলা ৰেডক্ৰছ চচাইইটিয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰে উৎপাদন কৰা কৃষিজাত সামগ্ৰী তথা বতৰৰ পাচলিসমূহ বিক্ৰীৰ বাবে তেজপুৰ গণেশ ঘাটত থকা কাৰ্যালয়ৰ চৌহদৰ এলেকাত এখন দেওবৰীয়া বজাৰ মুকলি কৰিব। এইক্ষেত্ৰত শোণিতপুৰ ৰেডক্ৰছ চচাইইটিৰ উপ-সভাপতি বিক্ৰম কলিতাই জনোৱা মতে- ভাৰত চৰকাৰৰ ফ্লেগশিপ প্ৰগ্ৰাম ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকামূলক মিছন (NRLM)-ৰ আধাৰতে সম্পূৰ্ণ বিনামূলীয়াকৈ এই বজাৰ মুকলিৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। স্বাস্থ্যকৰ আহাৰৰ প্ৰচাৰ আৰু গ্ৰাম্য জীৱিকাৰ প্ৰতি সমৰ্থন আগবঢ়াই কৃষকক সমানে আগুৱাই লৈ যোৱাৰ বাবেই শোণিতপুৰ ৰেডক্ৰছৰ উদ্যোগত এই পদক্ষেপ লোৱা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-16-55-12.jpeg)
সেই অনুসৰি আমাৰ কৃষক আমাৰ গৌৰৱ শীৰ্ষক বাণী লৈ অহা ৭ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা ৩ বজালৈ তেজপুৰ গণেশঘাটৰ সমীপতে ৰেডক্ৰছ শোণিতপুৰে আয়োজন কৰা এই বজাৰ মুকলিৰ অনুষ্ঠানত স্থানীয় বিধায়ক আৰু জিলা আয়ুক্তৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এইক্ষেত্ৰত ৰেডক্ৰছ চচাইইটি শোণিতপুৰে বজাৰ কাৰ্যসূচীত তেজপুৰকে ধৰি জিলাখনৰ কৃষক ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এইক্ষেত্ৰত প্ৰথমবাৰলৈ ৰাজ্য খনত ৰেডক্ৰছ শোণিতপুৰে গ্ৰহন কৰা ব্যতিক্ৰমী পদক্ষেপক ৰাইজ আৰু কৃষকে আদৰণি জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us