তেজপুৰৰ কলিয়াভোমোৰা সংযোগী পৰুৱাৰ পকী দলঙত প্ৰকাণ্ড গাঁত

সুদীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা তেজপুৰৰ পৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পকী দলঙে উন্নয়নৰ স্বৰূপ সম্পূৰ্ণৰূপে উদঙাই দিছে। 

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ, তেজপুৰঃ অসমত বিজেপি চৰকাৰৰ শাসনকালত জৰাজীৰ্ণ ৰাস্তা পথ আৰু দলং আদিৰ ব্যাপক উন্নয়ন হোৱা বুলি মন্ত্ৰী বিধায়কসকলে সভাই সমিতিয়ে ৰাজহুৱা ভাৱে ঢাক-ঢোল বজাই আহিছে। এনে সময়তে সুদীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা তেজপুৰৰ পৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পকী দলঙে উন্নয়নৰ স্বৰূপ সম্পূৰ্ণৰূপে উদঙাই দিছে। 

উল্লেখ্য যে সকলোতকৈ চিন্তনীয় বিষয় এয়ে যে চকুৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ এনে জৰাজীৰ্ণ অৱস্থা দেখিও শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে লোকনিৰ্মাণ বিভাগ, সাংসদ আৰু বিধায়কেও নিৰৱতা অৱলম্বন কৰি আহিছে। তেজপুৰৰ মিছন চাৰিআলিৰ পৰা কলিয়াভোমোৰা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰুৱাত থকা লোকনিৰ্মাণ বিভাগৰ দলংখনৰ অৱস্থা বিগত দিন ধৰি জৰাজীৰ্ণ হৈ পৰাৰ পিছতো আজিলৈকে শোণিতপুৰ জিলা প্ৰশাসনে তিলমানো ব্যৱস্থা গ্ৰহণ নকৰাত যাতায়তৰ ক্ষেত্ৰত ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে।

তাৰোপৰি  ইয়াৰ বিপৰীতে ৰাইজৰ অসুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি দলংখনৰ ওপৰত থকা প্ৰকাণ্ড গাঁতবোৰ মেৰামতি কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি নিৰৱ দৰ্শকহে হৈ আহিছে। আনহাতে জিলা প্ৰশাসনৰ এনে ভূমিকা দেখি ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। ইয়াৰোপৰি তেজপুৰলৈ অহা যোৱা কৰা পথটোৰ ওপৰত থকা দলংখনৰ একাধিক অংশত থকা গাঁতবোৰে মেৰামতি নকৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰৱল আশংকাও বৃদ্ধি পাইছে। এইক্ষেত্ৰত অতিশীঘ্ৰে পৰুৱাৰ দলঙত থকা গাঁতবোৰ মেৰামতি কৰিবৰ কাৰণে ৰাইজে শোণিতপুৰ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে। 

অভিযোগ মতে লোকনিৰ্মাণ বিভাগে সকলো দেখিও দলঙৰ গাঁতবোৰ মেৰামতি নকৰি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে বাতানুকুল কক্ষত হাত সাৱতি বহি আছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কঠোৰ নিৰ্দেশ দিলেই বিভাগীয় অভিযন্তাজনে দলঙৰ মেৰামতি কৰিবলৈ বাধ্য হৈ পৰিব। ইয়াৰ সমান্তৰালকৈ পৰুৱা চাৰিআলিত থকা জৰাজীৰ্ণ গতিৰোধক দুটাও সম্প্ৰতি যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ বাবে ব্যাপক সমস্যা হৈ পৰিছে। একেদৰে মিছন চাৰিআলিত বালিপৰা সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৃহৎ এলেকা জৰাজীৰ্ণ হৈ পৰা যাতায়তক লৈ ৰাইজ বিগত দিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছতো লোকনিৰ্মাণ বিভাগৰ লগতে জিলা প্ৰশাসনৰ কোনো গুৰুত্বই নাই।

তাৰোপৰি  অভিযোগ মতে উপযুক্তভাৱে মেৰামতি নকৰা কাৰণেই মিছন চাৰিআলিৰ বাছ আস্থানৰ সন্মুখত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আনহাতে পাঁচমাইল ব্যৱসায় কেন্দ্ৰৰ পৰা চাৰিশৰীয়া ঘাইপথ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোও জৰাজীৰ্ন হৈ যাতায়তৰ কাৰণে প্ৰায় অনুপযোগী হৈ পৰিছে। কিন্ত সকলো দেখিও জিলা প্ৰশাসনৰ লগতে লোকনিৰ্মাণ বিভাগেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে।

তেজপুৰ