/asomiyapratidin/media/media_files/2025/11/19/new-ap-web-7-9-2025-11-19-15-56-33.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অসম চৰকাৰে একেৰাহে ১৭ বছৰ ধৰি বেতন বৃদ্ধিকে ধৰি চাকৰি নিশ্চিতকৰণৰ নামত কৰি অহা চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেজপুৰস্থিত শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে।
উল্লেখ্য যে ২০০৮-২০০৯ বৰ্ষৰ পৰাই অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সমগ্ৰ ৰাজ্যজুৰি আঠ সহস্ৰাধিক বিভিন্ন বৰ্গৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে কাম কৰি আহিছে। সেই অনুসৰি পৰৱৰ্তীসময়ত বেতন বৃদ্ধিকে ধৰি কোনো এটা দাবী আজি পৰ্যন্ত সম্পূৰ্ণ নকৰাত কৰ্মচাৰীসকল ক্ষুদ্ধ হৈ পৰে। এইক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শোণিতপুৰৰ বিভিন্ন প্ৰান্তৰৰ পৰা পঞ্চায়ত,গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিকসকল আজি দলেবলে ওলাই আহে।
তাৰোপৰি সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থাৰ আহ্বানত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত পুৱাৰ পৰা হাতে হাতে বেনাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কৰ্মচাৰীসকলে সম কৰ্ম সম দৰমহা প্ৰদান কৰক,এইচ আৰ নীতি প্ৰৱৰ্তন কৰক,বৰ্তমান পোৱা বেতনৰ উপৰি নিম্নতম ৩০ শতাংশ এককালীন বৃদ্ধি,প্ৰতিবছৰে নিম্নতম ১০ শতাংশ বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, ৬০ বছৰলৈ চাকৰি নিশ্চিতকৰণকে আদি কৰি একাধিক দাবীৰ শ্লগান দি কাৰ্যালয়টোৰ চৌহদৰ পৰিৱেশ উত্তপ্ত কৰি তোলে।
এই সন্দৰ্ভত ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ২০০৮- ২০০৯ বৰ্ষৰ পৰাই কম্পিউটাৰ সহায়ক,এক্ৰিডিয়েট অভিযন্তা,জি আৰ এছ,ডিপি এম,এ ডিপি এম,জি পি চি আৰু সহযোগী একাউণ্ট সহায়ককে ধৰি বিভিন্ন পদৰ ৮ সহস্ৰাধিক ঠিকাভিত্তিক কৰ্মচাৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামসমূহ অতি সামান্যতম পাৰিতোষিকৰে কৰি আহিছোঁ। আমি বিভাগীয়কামৰ লগতে ভোটাৰ তালিকা, বানপানীৰ সময়তো কাম কৰি আহিছোঁ।
প্ৰাণিধানযেগ্য যে, এই সমস্যাসমূহ সমাধানৰ কাৰণে সুদীৰ্ঘ দিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই অহাৰ পিছতো আজিলৈকে আমাৰ বিষয়বোৰক কোনো ধৰণে গুৰুত্ব নিদিলে। উল্লেখ্য যে কৰ্মচাৰীসকলে ১১ নৱেম্বৰৰ পৰাই কৰ্মবিৰতি পালন কৰি আজিৰ পৰা দুদিনীয়াকৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৮ হাজাৰ কৰ্মচাৰী আৰু আমাৰ ৮ হাজাৰ পৰিয়ালে বিভাগীয় মন্ত্ৰী,মুখ্যমন্ত্ৰীলৈ সকলো সমস্যা সমাধান কৰিবৰ বাবে অনুৰোধ জনাই আহিছো ।
উল্লেখ্য যে শোণিতপুৰৰ অন্তৰ্গত গাভৰু,বিহগুৰি,বৰছলা,ৰঙাপৰা,বালিপৰা ঢেকিয়াজুলি আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বিভাগীয় কামকাজ সমূহ স্থবিৰ হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us