এতিয়াও পলাতক উপাচাৰ্য শম্ভূনাথ সিং! তেজপুৰ বিশ্ববিদ্যালয়ক ৰক্ষাৰ স্বাৰ্থত একত্ৰিত ৰাইজ...

তেজপুৰ বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে ৰাইজ তথা দল-সংগঠন। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ নিদিয়াৰে পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ

author-image
Asomiya Pratidin
New Update
raij

ডিজিটেল ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে ৰাইজ তথা দল-সংগঠন। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ নিদিয়াৰে পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ পাছতে পলাতক উপাচাৰ্যৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। 

তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য শম্ভূনাথ সিং আৰু তেওঁৰ সহযোগী সকলৰ দুৰ্নীতি, স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ঐতিহাসিক তেজপুৰ সাহিত্য সভা ভৱনত  শতাধিক জ্যেষ্ঠ নাগৰিক আৰু বহু জাতীয় সংগঠনৰ প্ৰতিনিধিৰ ৰাজহুৱা সভা অনুষ্ঠিত হয় । 

ইফালে  তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্যৰ লগতে  তেওঁৰ দুৰ্নীতি তথা অৰাজকতাৰ অন্তৰংগ সহযোগী দেবেন চন্দ্ৰ বৰুৱা (Director IQAC), শংকৰ চন্দ্ৰ ডেকা (Dean School of Engineering), ব্ৰজ বন্ধু মিশ্ৰ (Finance Officer), আৰু যাদৱ চন্দ্ৰ নাথ (Executive Engineer)ৰো পুত্তলিকা দাহ কৰে। 

উল্লেখ কৰা প্ৰয়োজন যে,  অভিযোগ মতে বিশ্ববিদ্যালয়খনৰ প্ৰথমখন ব’ৰ্ড অব মেনেজমেন্টৰ সভাত তেওঁ নিজৰ লগতে পৰিয়ালৰ চিকিৎসা বিল আদায়তহে অনুমোদন জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰোপৰি ইণ্টাৰভিউ ব’ৰ্ড গঠনতো খেলিমেলি কৰি উপাচাৰ্যজনে নিজেই ব’ৰ্ডত নিজৰ মানুহ অন্তৰ্ভুক্ত কৰিছিল। 

আনকি উপাচাৰ্যগজনে অ’ বি চিৰ বাবে সংৰক্ষিত ডেপুটী ৰেজিষ্টাৰৰ পদৰ সংৰক্ষণ উঠাই অসংৰক্ষিত কৰি ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ দৰে অনিয়ম সংঘটিত কৰে৷ জানিব পৰা মতে এই নিযুক্তি প্ৰক্ৰিয়াক লৈ এক গোচৰো চলি আছে৷ 

অভিযোগ মতে টকা আৰু ক্ষমতাৰ বাবেই বহু অনিয়ম সংঘটিত কৰা উপাচাৰ্য জন ইমানেই ক্ষমতাৰ বলেৰে বলীয়ান যে ইউ.জি.চি কিম্বা চৰকাৰৰ অনুমতি অবিহনেই তেওঁ ‘ডাইৰেক্টৰ, কম্পিউটাৰ শীৰ্ষক এটা ২ লাখ টকীয়া দৰমহাৰ পদ নিজেই সৃষ্টি কৰি লৈছিল। একেদৰে উপাচাৰ্য সিঙে আন আন নিযুক্তিৰ ক্ষেত্ৰটো ব্যাপক অনিয়মৰ আশ্ৰয় লৈছিল৷ 

তদুপৰি পুথিভঁৰালৰ কিতাপ ক্ৰয়ৰ নামতো ব্যাপক অনিয়মৰ আশ্ৰয় লোৱা উপাচাৰ্য শম্ভূনাথ সিঙৰ বিশেষ কৃপাত নিবিদা অবিহনেই দিল্লীৰ একাধিক কিতাপ বিতৰক কোম্পানীয়েও যোগানৰ ঠিকা পায় আৰু এনে পাঁচটা কোম্পানীৰ সৈতে উপাচাৰ্যৰ অতি ঘনিষ্ঠতা থকা বুলিও প্ৰাপ্ত অভিযোগত প্ৰকাশ৷ জানিব পৰা মতে শেহতীয়াকৈ কোটি টকাৰ কিতাপ,  জাৰ্ণেল আদি যোগানৰ ঠিকা মেচাৰ্ছ ইন্দু বুকছ্‌ নামৰ এক কিতাপ বিতৰক কোম্পানীক দিয়ে। 

আচৰিত বিষয় এয়ে যে দিল্লীৰ ঘৰলৈ অহা-যোৱাৰ খৰছো বিশ্ববিদ্যালয়ৰ পুঁজিৰ পৰাই আদায় কৰি লোৱা উপাচাৰ্যৰ সকলো দুৰ্নীতি-অনিয়মৰ অন্যতম সহযাত্ৰী হৈছে বিশ্ববিদ্যালয়ৰ বিত্ত বিষয়া ড০ ব্ৰজবাসী মিশ্ৰ। আশ্চয্যজনকভাৱে এইগৰাকী বিত্ত বিষয়াৰ চাকৰিকালো শেষেই নহয়৷ 

আন এক অভিযোগ মতে ২০১৬ চনত এন আই আৰ এফৰ সৰ্বভাৰতীয় ৰেংকিঙত বিশ্ববিদ্যালয়ৰ যি ৬৯ সংখ্যাক স্থান আছিল সেয়া এইগৰাকী উপাচাৰ্যৰ দিনত ২০২৫ চনত বিশ্ববিদ্যালয়ৰ ৭৯ লৈ অৱনমিত হয়। একেদৰে বিশ্ব ৰেংকিঙত ৫০০ ৰ ভিতৰত থকা বিশ্ববিদ্যালয়খনৰ ৰেংকিং এতিয়া ২ হাজাৰৰ তললৈ অৱনমিত হৈছে৷ 

তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ