তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধীক্ষকে প্ৰহাৰ কৰিলে কৰ্মচাৰীক !

চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰিছে যদিও প্ৰথমতে কৰ্মচাৰীসকলৰ কোনো প্ৰতিনিধি ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷

author-image
Asomiya Pratidin
New Update
sdsdsdsdsdsdsd

ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত একাংশ চিকিৎসক, নাৰ্ছে ৰোগী আৰু অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে। এনে সময়তে চিকিৎসা মহাবিদ্যালয়খনৰ হাস্পতালৰ এজন সহকাৰী অধীক্ষকে ক্ষমতাৰ ৰাগীত অন্ধ হৈ কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ উপৰি প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি পৰিবেশ উত্তাল হৈ পৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধীক্ষক অৰিজিৎ দত্তই কৰ্মচাৰীক প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ ঘটনাক লৈ আজি পৰিস্থিতি উত্তাল হৈ পৰে। ইমানেই নহয়, চিকিৎসক অৰিজিৎ দত্তৰ অমানৱীয় আচৰণৰ বিৰুদ্ধে আজি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মচাৰীসকলে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, চিকিৎসক জনৰ দুস্কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মচাৰী সন্থাই স্বাস্থ্যমন্ত্ৰী, শোণিতপুৰ জিলা প্ৰশাসন, মানৱ অধিকাৰ আয়োগ আৰু স্বাস্থ্য বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি ২৪ ঘন্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছিল যদিও দত্তৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নোহোৱাত সকলো ক্ষুদ্ধ হৈ পৰে। সেই অনুসৰি আজি দিনৰ ১২ মান বজাত ক্ষুদ্ধ কৰ্মচাৰী সকলে জৰুৰীভাৱে এখন সভা অনুষ্ঠিত কৰি তেওঁৰ কুকীৰ্তিবোৰ সম্পুৰ্ণৰূপে উদঙাই দিয়ে।  

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পুৰুষ আৰু মহিলা কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা এইজন চিকিৎসক তথা অধ্যাপকে ভাৰপ্ৰাপ্ত সহকাৰী অধীক্ষকৰ দায়িত্ব লাভ কৰাৰ পিছতেই ক্ষমতাই মূৰত ধৰা বুলি কৰ্মচাৰী সকলে অভিযোগ কৰিছে। উল্লেখ যে, চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ এম টি এছ কৰ্মচাৰী গোবিন্দ কাকতিক যোৱা শনিবাৰে চিকিৎসক দত্তই উপৰ্যুপৰি প্ৰহাৰ কৰে।  

আনকি আয়ুস্মান কাৰ্ডৰ লিংক নোপোৱাৰ এক অজুহাতত কৰ্মচাৰীজনক কলাৰত ধৰি কাউন্টাৰৰ পৰা চোচৰাই নি সকলোৰে সন্মুখত উপৰ্যুপৰি প্ৰহাৰ কৰা এইজন চিকিৎসকে অস্থায়ী চাফাইকৰ্মী সুমিত বাস্ফৰকো চোৰ বুলি ভুৱা অভিযোগত প্ৰহাৰ কৰে ৷ জানিব পৰা মতে সুমিত বাচফোৰৰ পত্নীৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সন্তান জন্ম হোৱাৰ সময়তো দায়িত্ব পালন কৰা বাচফোৰে এটা স্নানাগাৰৰ টেপ নথকাৰ বিষয়ে জনোৱাত সেই পানীৰ টেপটো বাচফোৰেই চুৰি কৰা বুলি অভিযোগ তুলি বাচফোৰক প্ৰহাৰ কৰে দত্তই।

অভিযোগ অনুসৰি, চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত পানীৰ টেপ চুৰি হোৱাৰ একাধিক ঘটনা সংঘটিত হৈ আহিছে আৰু ইয়াৰে গইনা লৈ বাচফোৰক চিকিৎসকজনে প্ৰহাৰ কৰাৰ বিপৰীতে কালি চিকিৎসা মহাবিদ্যালয় হাস্পতালত টেপচুৰি সন্দৰ্ভত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু বাচফোৰৰ বিৰুদ্ধে মিছা অভিযোগ আনি চিকিৎসক দত্তই জধেমধে মাৰধৰ কৰাৰ লগতে অস্থায়ী কামৰ পৰা উলিয়াই দিয়াৰো ভাবুকি প্ৰদান কৰে।

আনহাতে, ৰূপশ্ৰী দত্ত নামৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমাজকৰ্মী পদত কৰ্মৰত মহিলাগৰাকীৰ সন্তান গুৰুতৰভাৱে অসুস্থ হোৱা সত্বেও তেওঁক চিকিৎসাৰ বাবে ছুটী নিদিয়া চিকিৎসক দত্তই মানসিকভাৱে জুৰুলা কৰাৰ লগতে পৰৱৰ্তী সময়ত তেওঁৰ ছুটী অধীক্ষকে মঞ্জুৰ কৰা সত্বেও অনাধিকাৰভাৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত নথকা বুলি অভিযোগ তুলি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ ইয়াৰোপৰি মহিলা কৰ্মচাৰীগৰাকীক পৰৱৰ্তী সময়ত চাফাইকৰ্মীসকলৰ সৈতে বহি কাম কৰিবলৈ এইজন অভিযুক্ত চিকিৎসক অধ্যাপক দত্তই বাধ্য কৰে।

একেদৰে, সুশীল কুমাৰ দাস নামৰ কৰ্মচাৰীজনে নিয়ম মতে ছুটী লৈ ঘৰলৈ যোৱাৰ পিছত আধাবাটৰ পৰাই ঘুৰাই আনি পুনৰ কামত লগোৱা চিকিৎসক দত্তৰ বাবে আনকি যুৱ কৰ্মচাৰীজনে চূড়ান্তভাৱে হতাশ হৈ পৰিছিল বুলিও কয়। উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী সন্থাৰ সভাপতি অঞ্জন নাথ,সম্পাদক প্ৰাণজিত শৰ্মাই প্ৰকাশ কৰা মতে এইজন চিকিৎসক তথা ভাৰপ্ৰাপ্ত সহকাৰী অধীক্ষকৰ বিৰুদ্ধে তেওঁলোকে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে থকা আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে।

এইক্ষেত্ৰত সততে বিভিন্ন জন কৰ্মচাৰীলৈ ফোন কৰিও অলাগতিয়াল বহু কথা কোৱা এইজন চিকিৎসকৰ অতি নিকট আত্মীয়ও চিকিৎসা মহাবিদ্যালয়তে কৰ্মৰত যদিও তেওঁ অহা যোৱাৰ ক্ষেত্ৰত সময়ৰ কোনো হিচাপ নৰখা দত্তই আনৰ ক্ষেত্ৰত অতি কঠোৰতা প্ৰদৰ্শন কৰি অত্যন্ত দুৰ্ব্যৱহাৰ কৰে বুলিও অভিযোগ উঠিছে৷ যাৰবাবে চিকিৎসক অৰিজিৎ দত্ত গ’বেক, অৰিজিৎ দত্তক বৰ্খাস্ত কৰক, অৰিজিৎ দত্তক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন ধ্বনি দি ক্ষোভিত কৰ্মচাৰীসকলে আজি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক আৰু অধ্যক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰিছে যদিও প্ৰথমতে কৰ্মচাৰীসকলৰ কোনো প্ৰতিনিধি ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷ কিন্তু ক্ষোভিত কৰ্মচাৰী সকলৰ হেঁচাত কৰ্মচাৰী সকলৰ প্ৰতিনিধিক ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য হয়।

তেজপুৰ