/asomiyapratidin/media/media_files/2025/09/17/tezpur-17-2025-09-17-22-33-20.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ যিসময়ত পেট্ৰ’লে চেঞ্চুৰী কোবাই সৰ্বসাধাৰণক টেঁটু চেপা দিছে, ইন্ধনৰ সৈতে ২০ শতাংশ পৰ্যন্ত ইথানল মিহলাই বাহনৰ জীৱন হ্ৰাস কৰি পেলাইছে বুলি বিতৰ্ক তীব্ৰতৰ হৈছে সেই সময়তে একাংশ পেট্ৰ’ল পাম্পেও অধিক মুনাফা আদায়ৰ বাবে জনতাৰ ওপৰত মাধমাৰ দিছে।
ইন্ধনৰ সৈতে পানী মিহলাই এই পেট্ৰ’ল পাম্পসমূহে লুণ্ঠন অব্যাহত ৰাখিছে। শেহতীয়াকৈ তেজপুৰৰ এটা পেট্ৰ’ল ডিপোত তেল ভৰোৱা বহু বাহনৰ টেংকীত পেট্ৰ’লৰ ঠাইত পানী ওলোৱাত বহু লোকেই হাহাকাৰ কৰিবলগীয়া হোৱাৰ এক চাঞ্চল্যক ঘটনা পোহৰলৈ আহিছে।
এইক্ষেত্ৰত পেট্ৰ’লৰ নামত ডিপোৰ কৰ্মচাৰীয়ে পানী ভৰাই দিয়াত হাহাকাৰ তেজপুৰৰ একাংশ বাইক, স্কুটি চলোৱা লোকৰ। উল্লেখ্য যে নিজৰ কামৰ তাগিদাত পুৱাই ঘৰৰ পৰা বাইকখন লৈ ওলাই অহা তেজপুৰৰ মিলনপুৰ, বিন্দুকুৰিকে আদি এক বৃহৎ অঞ্চলৰ লোকে মঙলবাৰে কুন্দুৰাবাৰীস্থিত তেল ডিপোট পেট্ৰ’ল ভৰাই বিপদৰ সন্মুখীন হয়।
অভিযোগ মতে ডিপোত তেল ভৰোৱাৰ পিছতে কেইবাখনো বাহন বিকল হৈ পৰাত চালকসকলৰ মাজত হাহাকাৰ লাগে। ইফালে নিজৰ গন্তব্যস্থললৈ সময়মতে যাব নোৱাৰা এই সকললোকে অনুসন্ধান কৰি গম পালে যে আচলতে তেওঁলোকৰ বাইক, স্কুটিত তেলৰ নামত পানীহে ভৰাই দিয়া হ'ল।
যাৰ ফলত তেওঁলোকৰ বাইক,স্কুটিসমূহ বিকল হৈ পৰিল। এইক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনক অতিশীঘ্ৰে ডিপোটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বন্ধ কৰি দিবৰ কাৰনে ৰাইজে দাবী জনাইছে।
ইয়াৰোপৰি পেট্ৰ’ল ডিপোৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ অতিৰিক্ত জিলা আয়ুক্তকো তৎকালে অনুসন্ধান কৰিবলৈও ৰাইজে দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us