এজাক বৰষুণতে বুৰ গ'ল তেজপুৰ মিছন চাৰিআলি...

অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত তেজপুৰত বিগত দিন ধৰি বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হৈ আহিছে। ইফালে চৰকাৰী হোলা আৰু প্ৰাকৃতিক

author-image
Asomiya Pratidin
New Update
ikkkdd

ডিজিটেল সংবাদ,তেজপুৰঃ অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ বিষয়া কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত তেজপুৰত বিগত দিন ধৰি বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হৈ আহিছে। ইফালে চৰকাৰী হোলা আৰু প্ৰাকৃতিক জলাশয়ত জধেমধে চলি অহা বেদখলৰ পৰিনতিত এতিয়া এজাক বৰষুণতে তেজপুৰ মিছন চাৰিআলি অঞ্চলত কৃটিমবানত বুৰ গৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৃহৎ অংশ।

একেদৰে কৃটিমবান হোৱা স্থানতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে একাধিক পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত দিনৌ হেজাৰ হেজাৰ লোকে যমৰযাতনা ভুগিবলগীয়া হৈছে। এইক্ষেত্ৰত বৰষুণৰ পানী ওলাই যাব নোৱাৰি সৃষ্টি হোৱা কৃটিম বান আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পুখুৰী সদৃশ গাঁতবোৰে সম্পুৰ্ণৰূপে উদঙাই দিছে বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।

অভিযোগ মতে অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি সুদীৰ্ঘ দিন ধৰি বহু লোকে মিছন চাৰিআলিৰ এলেকাৰ বিভিন্ন প্ৰান্তত থকা প্ৰাকৃতিক জলাশয়,হোলাৰ মাটিত শোণিতপুৰ জিলা প্ৰশাসন, তেজপুৰ সদৰ ৰাজহ বিভাগ আৰু তেজপুৰ উন্নয়ন কৰ্তপক্ষৰ জ্ঞাতসাৰেই একাংশ লোকে জধেমধে দখল বিশাল অট্টালিকা,ব্যৱসায় প্ৰতিষ্ঠান,গুদাম ঘৰ আদি নিৰ্মাণ কৰি আহিছে। যাৰ ফলস্বৰূপে বৰষুণৰ পানী কোনো ফালেদি ওলাই যাব নোৱাৰাত একাধিক ৰাষ্টা পদূলি,ঘৰবাৰী আদি কৃটিম বানত বুৰ যোৱাত এক অতি দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হয়।

উল্লেখ্য যে  শোণিতপুৰ জিলা প্ৰশাসনৰ চূড়ান্ত গুৰুত্বহীনতাৰ কাৰণেই বৰষুনৰ পানী ওলাই যাব নোৱাৰাত মিছন চাৰিআলিৰ পৰা বালিপৰা হৈ বিশ্বনাথ চাৰিআলি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ এলেকা বুৰ যোৱাটো বৰ্তমান সময়ত তেনেই সাধাৰণ ঘটনালৈ পৰিনত হৈছে। অভিযোগ মতে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি এলেকাটোৰ চৰম দুৰৱস্থা দেখিও প্ৰশাসনে কোনোধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ ফলতেই বছৰৰ অধিক সময়েই এক পুতিগন্ধময় পৰিবেশৰ সৃষ্টি হয় ।

ইফালে কৃটিমবানত বুৰ গৈ অঞ্চলটোৰ পৰিবেশ অতি কদৰ্যময় হৈ পৰাৰ পিছতো উপায়ন্তৰ হৈ যাত্ৰী সকলে বোকা আৰু লেতেৰা দুৰ্গন্ধময় একাঠু পানীৰ মাজেদিয়েই নিজৰ কাপোৰ কানি,জোতা চেণ্ডেল নষ্ট কৰি হলেও বাছত উঠিবলগীয়া হোৱাত সকলো ক্ষুদ্ধ হৈ পৰিছে। এইক্ষেত্ৰত নিশাটো বাদেই এতিয়া  দিনতেই উক্ত এলেকাৰে ৰাইজে গাড়ী,বাইক চলাই   যাতায়ত কৰাটো একপ্ৰকাৰ অসম্ভৱ যেন হৈ পৰিছে।

আনহাতে উপাই নেপাই যাত্ৰীবাহী বাছ বোৰো কৃটিম বানৰ মাজতে ৰাখিবলগীয়া হোৱাত যাত্ৰীসকল অধিক বিপদত পৰে। অভিযোগ মতে এনে অৱস্থাৰ বাবে ইতিমধ্যেই বিভিন্নধৰনৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতো এলেকাটোৰ এই সমস্যা সমাধান কৰাত লোকনিৰ্মান বিভাগৰ লগতে জিলা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই। একেদৰে বছৰ বছৰ ধৰি উক্ত এলেকাত জৰাজীৰ্ণ হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতবোৰ কৃটিমবানত ধৰিব নোৱাৰাৰ ফলতে একাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে।

এইক্ষেত্ৰত কৃটিমবানৰ লগতে জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাই পথৰ সমস্যা অতিশীঘ্ৰেই সমাধান কৰিবৰ কাৰনে ৰাইজে শোণিতপুৰ জিলা প্ৰশাসন আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে। ইফালে মিছন চাৰিআলিৰ পৰা বালিপৰা হৈ বিশ্বনাথ চাৰিআলি সংযোগী পথৰ লগতে তেজপুৰ চহৰৰ পৰা মিছন চাৰিআলি আৰু মিছন চাৰিআলিৰ পৰা ঢেকিয়াজুলি হৈ গুৱাহাটী সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ অংশ সম্প্ৰতি অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে যদিও তাৰ প্ৰতি জিলা প্ৰশাসনৰ তিলমানো গুৰুত্ব নাই।

তেজপুৰ