/asomiyapratidin/media/media_files/2025/09/11/ujjjdd-2025-09-11-21-23-07.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ বিস্তীৰ্ণ পাৰৰে ,অসংখ্য জনৰে হাহাকাৰ শুনিও ,নিঃশব্দে নিৰৱে বুঢ়া লুইত বুঢ়া লুইত বোৱাঁ কিয় ? সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বিশাল আলোকচিত্ৰ আৰু ফুলৰে সুসজ্জিত এখন বিশাল পানী জাহাজত উঠি শিল্পীৰ দলে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ বহু কালজয়ী গীতৰ লহৰ তুলি আজি ডিব্ৰুগড়ৰ পৰা তেজপুৰত উপস্থিত হয়।
উল্লেখ্য যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বহু অমৰ সৃষ্টিৰাজিৰ মাজেৰে মানৱতা আৰু সমন্বয়ৰ জয়গান প্ৰতিধ্বনিত হৈ আহিছে। ইয়াৰোপৰি অসম তথা সমগ্ৰ ভাৰতৰ সামাজিক সাংস্কৃতিক ঐতিহ্য ,মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগনৰ সুখ দুখৰ অনুভূতি আৰু বৰ্ণিল জীৱন গাথাক সুধাকন্ঠই সংগীতৰ মধুৰ লহৰেৰে বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/11/87c55a8b-c0b2-4a37-a5e4-a2000bbc4ecc-2025-09-11-21-18-17.jpg)
এইক্ষেত্ৰত ভাৰত চৰকাৰৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত তথা বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ৰ ধ্বজাবাহক ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উদযাপনৰ সৈতে সংগতি ৰাখি বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা শীৰ্ষক এক বৰ্ণিল তথা এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহন কৰে।
সেই অনুসৰি বিস্তীৰ্ণ পাৰৰে শীৰ্ষক বাণী লৈ গীত মাতে আকাশ কপাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুয়েদি ডিব্ৰুগড়ৰ পৰা আজি পুৱা এখন বিশাল ফেৰীৰে শিল্পীৰ এটা তেজপুৰৰ ঐতিহাসিক দেৱীছিং ঘাটত উপস্থিত হয়। এইক্ষেত্ৰত সন্ধিয়াৰ পৰা দেৱীছিং ঘাটত বৰ লুইতৰ পাৰত মুকলি আকাশৰ তলত আয়োজন কৰা গীতিময় যাত্ৰাৰ অনুষ্ঠানৰ আৰম্ভণিতেই বিশ্ব বৰেণ্য শিল্পী গৰাকীলৈ শোণিতপুৰ লোকসভাৰ সাংসদ ৰণজিৎ দত্ত আৰু তেজপুৰৰ বিধায়ক তথা অভিনেতা পৃথ্বীৰাজ ৰাভাকে ধৰি বহু গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে সুধাকন্ঠই বিভিন্ন সময়ত বিভিন্ন স্থানত বহু কেইটা কালজয়ী গীত পৰিবেশন কৰা মুহূৰ্তৰ
বিৰল ভিডিঅ’ পৰিবেশন কৰে । ইয়াৰ পিছতে কাৰ্যসূচীক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেজপুৰৰ ৰাইজলৈ প্ৰেৰণ কৰা এটি ভিডিঅ’ বাৰ্তা উদ্যোক্তা সকলে ৰাইজৰ আগত দাঙি ধৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/11/ed536dd2-0748-4b5d-be2c-53976be00fe9-2025-09-11-21-18-30.jpg)
ভিডিঅ’ বাৰ্তাত মন্ত্ৰী সোণোৱালে কয় এই কাৰ্যসূচীৰ মুল লক্ষ্যই হৈছে সুধাকন্ঠ ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰৰ দুই পাৰে অৱস্থান কৰা অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী আৰু ধৰ্মাৱলম্বী লোকৰ কৃষ্টি সংস্কৃতি,সভ্যতাৰ লগতে আধ্যাত্মিক পৰম্পৰাৰ মুল্যবোধক অতি সুন্দৰ ভাৱে নিজৰ সৃষ্টিৰ যোগেদি ইয়াক অলংকৃত কৰিছিল আৰু মই ভাবো যে এই কথা বিলাক আমি উঠি অহা প্ৰজন্মই ভালদৰে উপলব্ধি কৰিব লাগিব।
বৰ্তমান সময়ত প্ৰতিযোগিতাৰ পৃথিৱীত ব্ৰহ্মপুত্ৰৰ শক্তি সম্পদ সম্ভাৱনা আৰু ঐতিহ্যক লৈ ভাৰতৰ ভিতৰতে অসমক অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। লগতে বিশ্বৰ বুকুত ভূপেন হাজৰিকাই আগবঢ়োৱা কালজয়ী গীতৰ যোগেদি আমি আমাৰ আত্মপ্ৰকাশ মৰ্যদা সহকাৰে কৰিব লাগিব। আনহাতে অনুষ্ঠানত উপস্থিত থাকি সাংসদ ৰণজিৎ দত্তই নিজা ভাষণত কয় ১৯৬২ চনত মই ক শ্ৰেণীত পঢ়ি থকাৰ সময়তে চীনে ভাৰত আক্ৰমন কৰিছিল আৰু সেই যুদ্ধৰ সময়ত ভাৰতীয় সৈন্যৰ মনোবল বৃদ্ধিৰ কাৰণে সুধাকন্ঠ ভূপেন হাজৰিকাই ধুবুৰী পৰা শদিয়ালৈ বিদ্যালয়ে বিদ্যালয়ে গৈ কত জোৱানৰ মৃত্যু হ'ল গীতটি পৰিবেশন কৰিছিল।
তেতিয়া মাটিত বহি ভূপেন হাজৰিকাৰ গীত শুনাৰ সুযোগ পাইছিলো আৰু এখন হাৰমনিয়াম ,এযোৰ তবলা লৈয়ে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ গীত পৰিবেশন কৰিছিল। একেদৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই অনুষ্ঠানত উপস্থিত থাকি ভাষণত কয় ড° ভূপেন হাজৰিকা এনে এজন ব্যক্তি, অসমীয়া মানুহ যিজনে মহাবাহু ব্ৰহ্মপুত্ৰক কলিজাৰ এদোখৰ বুলি ভাবিছিল আৰু ব্ৰহ্মপুত্ৰৰ বিভিন্ন নামত বহু গীত ৰচনা কৰিছে ভূপেন হাজৰিকাৰ অবিহনে আজিৰ অসম কেতিয়াও জীয়াই থাকিব নোৱাৰে।
ড° ভূপেন হাজৰিকা অকল অসমৰে নহয়,সমগ্ৰ ভাৰতবৰ্ষৰ,সমগ্ৰ পৃথিৱীৰ এগৰাকী জন্মগত শিল্পী আৰু জন্মগত শিল্পীৰ কেতিয়াও মৰণ নাই,অসমীয়া থাকে মানে পৃথিৱী থাকে মানে ভূপেন হাজৰিকা জীয়াই থাকিব আৰু ভূপেন হাজৰিকা জীয়াই থাকে মানে অসমীয়া জাতি জীয়াই থাকিব। উল্লেখ্য যে সুধাকন্ঠৰ গীতৰ আধাৰত শিল্পীসকলে পৰিবেশন কৰা গীত নৃত্যৰে আজি দেৱীছিং ঘাটৰ পৰিবেশ জীপাল হৈ পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/11/b7140692-788b-479c-8cd3-58a4875c673d-2025-09-11-21-18-43.jpg)
তদুপৰি বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰাত ফেৰীৰে ডিব্ৰুগড়ৰ পৰা তেজপুৰ ,গুৱাহাটী আৰু যোগীঘোপালৈ ৰাওনা হোৱা বেণ্ড অৱ থ্ৰীয়েও ভূপেন হাজৰিকাৰ বহু কালজয়ী গীত পৰিবেশন কৰে। আজিৰ অনুষ্ঠানত শোণিতপুৰ লোকসভাৰ সাংসদ ৰণজিৎ দত্ত,তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ড° ভুৱনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা,বিশিষ্ট অভিনেতা অৰুণ নাথ, বিশিষ্ট নৃত্যশিল্পী কৃষ্ণাদাস নাথ, বিশিষ্ট অভিনেত্ৰী অঞ্জু দেৱী,বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা ,শোণিতপুৰ জিলা অগপৰ সভাপতি ৰাতুল নাথ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা , তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, জিলা পৰিষদ সদস্যা স্বপ্না বনিয়াকে ধৰি তেজপুৰৰ বহু বিশিষ্ট শিল্পী,সাহিত্যক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us