গ্ৰেপ্তাৰৰ ভয়ত ২০ দিনে পলাতক তেজপুৰ সদৰ ৰাজহ চক্ৰৰ দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল...

অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত শোণিতপুৰ জিলাত বিগত দিন ধৰি বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হৈ আহিছে। ইমানেই নহয় নিশাটোৰ ভিতৰতে বিঘাই বিঘাই কৃষি ভূমিৰ জধেমধে শ্ৰেণী পৰিৱৰ্তন

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
IKKS

ডিজিটেল সংবাদ,তেজপুৰঃ অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি একাংশ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত শোণিতপুৰ জিলাত বিগত দিন ধৰি বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হৈ আহিছে। ইমানেই নহয় নিশাটোৰ ভিতৰতে বিঘাই বিঘাই কৃষি ভূমিৰ জধেমধে শ্ৰেণী পৰিৱৰ্তন কৰি বহু পুঁজিপতি ব্যৱসায়ীয়ে তেজপুৰত বিশাল অট্টালিকা,গুদামঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰাটো এক তেনেই সাধাৰণ ঘটনালৈ পৰিণত হৈছে । 

Advertisment

এনে সময়তে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাটমণ্ডলে মাটিৰ কাম কৰি দিম বুলি মানসিক নিৰ্যাতন চলাই শাৰীৰিকভাৱে অসু্স্থ এগৰাকী মহিলাৰ পৰা অতি প্ৰবঞ্চনাৰে বৃহৎ পৰিমানৰ ধন সৰকাই পৰৱৰ্তী সময়ত কোনো কাম নকৰি বহু দিন ধৰি পলাই ফুৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ইফালে মহিলাগৰাকীয়ে শোণিতপুৰ জিলা আয়ুক্তৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিলৰ পিছতে তেজপুৰ সদৰ থানাত লাটমণ্ডল আৰু মহৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

এইক্ষেত্ৰত তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল আৰু মহৰীৰ দুৰ্নীতিয়ে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপটোকে সম্পূৰ্ণৰূপে উদঙাই দিছে। উল্লেখ্য যে তেজপুৰ ৰাজহ চক্ৰৰ অধীনষ্ঠ বিহগুৰি মৌজাৰ গাভৰু শিৱ মন্দিৰ নিবাসী জ্যোতি দেৱী কেওটে সকলো কথা বিৱৰি সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল লোচন বৰা আৰু মহৰী বলেন মালাকাৰৰ বিৰুদ্ধে উৎকোচ লোৱাৰ সন্দৰ্ভত ২৮ আগষ্টত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ পত্ৰ দাখিল কৰে।

FFFFFFF

অভিযোগ মতে বহু ব্যক্তিগত অসুবিধাৰ কাৰণেহে জ্যোতিদেৱী কেওটে নিজৰ নামৰ কিছু মাটি বিক্ৰী কৰিছিল আৰু সেই সূত্ৰে তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাওঁতে লাটমণ্ডল লোচন বৰাই উক্ত ভূমি বিক্ৰীৰ বাবদ অনুমতি আৰু পঞ্জীয়নৰ নামত ৯০ হেজাৰ টকা দাবী কৰে। তদুপৰি লাট মণ্ডলজনে উক্ত ধন বিভিন্ন বিষয়াৰ লগতে ৰাজহ চক্ৰ বিষয়াকো দিব লাগে বুলি মহিলাগৰাকীক জনোৱাৰ বিষয়েও অভিযোগ পত্ৰত উল্লেখ কৰিছে।

উল্লেখ্য যে মহিলাগৰাকীয়ে উপায়ন্তৰ হৈ লাটমণ্ডল জনৰ কথামতেই ৯০ হেজাৰ টকা গাভৰু শিৱ মন্দিৰৰ নিজা বাসগৃহতে আদায় দিয়ে আৰু এই বিষয়ত সকলো তথ্য প্ৰমাণ নিজৰ হাতত মজুত ৰাখে। ইফালে লাটমণ্ডল লোচন বৰাই বিচৰাধৰনে সকলো টকা আদায় দিয়াৰ পিছতো সুদীৰ্ঘ ৪০ দিন ধৰি মহিলাগৰাকীৰ মাটিৰ কোনো কাম কৰি নিদিয়াত আপত্তি কৰাত এজন মহৰীক দেখুৱাই দিয়ে।

সেই মতে মহৰীজনৰ কাষ চপাত মাটিৰ কাম কৰি দিয়াৰ বিপৰীতে ৪৫০০ টকা লৈ লাটমণ্ডলৰ দৰেই একো কাম নকৰাত মহিলাগৰাকী দিশহাৰা হৈ পৰে। অভিযোগ মতে মহিলাগৰাকীয়ে পিছত অসুস্থ অৱস্থাৰেই চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ অহাযোৱা কৰি ৰাজহ চক্ৰ বিষয়াৰ সহযোগত প্ৰায় ৪৫ দিনৰ অন্ততহে অনুমতিৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় যদিও পঞ্জীয়নৰ কাম এতিয়াও হোৱা নাই ।

অভিযোগ পত্ৰত উল্লেখ কৰা মতে ইয়াৰ পুৰ্বে তেও কেতিয়াও মাটিবাৰী বেচাকিনাৰ কাম কৰি নোপোৱাৰ বাবে লাটমণ্ডল লোচন বৰাই যি কৈছিল তাকে কৰিছিল। উল্লেখ্য যে মহিলাগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত লাটমণ্ডলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ পত্ৰ মুখ্যমন্ত্ৰী,আৰক্ষী অধীক্ষক আৰু তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়ালৈ প্ৰেৰণ কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।

ইফালে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতিলিপি গ্ৰহণ কৰি শোণিতপুৰৰ আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে দিয়া নিৰ্দেশ মতে তেজপুৰ সদৰ থানাই বি এন এচ - ৩০২(২)/৩০৮/(৫)/৩৫১(২) /০৩(৫) নং ধাৰাৰ অধীনত ৫৪০/২৫ নং যোগে গোচৰ ৰুজু কৰে । সেই অনুসৰি ৰুজু হোৱা উক্ত গোচৰৰ ভিত্তিত  আৰক্ষীয়ে অভিযান চলাই বলেন মালাকাৰ নামৰ মহৰীজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও আজি ১৮ দিনে পলাতক অৱস্থাত থকা লাটমণ্ডল লোচন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

আনহাতে তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডলৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ দিয়াৰ লগতে থানাত গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো জিলা ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই লাটমণ্ডল লোচন বৰাক আজিলৈকে চাকৰিৰ পৰা নিলম্বিত নকৰাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমি কেলেংকাৰীৰ এনেধৰনৰ বহু ঘটনা বিগত দিন ধৰি চলি আহিছে। এইক্ষেত্ৰত দুৰ্নীতিপৰায়ণ লাট মণ্ডলজনৰ বিৰুদ্ধে অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰনে ৰাইজে দাবী জনাইছে। স্মৰ্তব্য জিলা প্ৰশাসনৰ চকুৰ আগতেই বিভিন্ন এলেকাত কৃষিভূমি আৰু হোলাৰ লগতে প্ৰাকৃতিক জলাশয় এফালৰ পৰা পুতি জধেমধে বৃহৎ বৃহৎ অট্টালিকা, ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু গুদামঘৰ আদি নিৰ্মাণ কৰাৰ পিছতো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

তেজপুৰ