২৩ দিনে পলাতক দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল লোচন বৰাক চাকৰিৰ পৰা নিলম্বন...

ৰাজহ আইন উলংঘাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই একাংশ দুৰ্নীতিপৰায়ণ লাটমণ্ডলৰ পৃষ্ঠপোষকতাত অবাধ কেলেংকাৰীৰ ভূ-স্বৰ্গত পৰিণত হৈছে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।

author-image
Asomiya Pratidin
New Update
২৩ দিনে পলাতক দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল লোচন বৰাক চাকৰিৰ পৰা নিলম্বন...

ডিজিটেল সংবাদ,তেজপুৰঃ অসম চৰকাৰৰ ৰাজহ আইন উলংঘা কৰি শোণিতপুৰ জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই একাংশ দুৰ্নীতিপৰায়ণ লাটমণ্ডলৰ পৃষ্ঠপোষকতাত অবাধ কেলেংকাৰীৰ ভূ-স্বৰ্গত পৰিণত হৈছে তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ইমানেই নহয় বহু লোকৰ ভূমিকেন্দ্ৰীক সমস্যা সমাধানৰ নামত অতি প্ৰবঞ্চনাৰে লাটমণ্ডলে লক্ষাধিক টকা সৰকাই নিয়াৰ উপৰি গৰাকীয়ে গম নোপোৱাকৈয়ে ভূমাফিয়াই ৰাজহ বিভাগৰ সহযোগত মাটি, সম্পত্তি দখল কৰা একাধিক ঘটনাই তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতি অনিয়মৰ স্বৰূপটো সম্পূৰ্ণৰূপে উদঙাই দিছে।

Advertisment

এনে সময়তে অসমীয়া প্ৰতিদিনত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশৰ পিছতে ভূমিৰ কাম কৰি দিম বুলি কৈ এগৰাকী মহিলাৰ পৰা ৯০ হাজাৰকৈ টকা প্ৰবঞ্চনাৰে সৰকাই গ্ৰেপ্তাৰৰ ভয়ত ২৩ দিন পলাতক অৱস্থাত থকা দুৰ্নীতিৰ মহানায়ক তেজপুৰৰ লাটমণ্ডল লোচন বৰাক অৱশেষত জিলা প্ৰশাসনে অৱশেষত চাকৰিৰ পৰা নিলম্বিত কৰিবলে বাধ্য হয়। এইক্ষেত্ৰত ১৯ আগষ্টত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ই-১৫৪৭৯৮ নং নিৰ্দেশ যোগে দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলজনক চাকৰিৰ পৰা নিলম্বিত কৰে৷

উল্লেখ্য যে, শাৰীৰিকভাৱে অসুস্থ হোৱাত চিকিৎসাৰ বাবে নিজৰ নামত থকা মাটি বিক্ৰী কৰিবৰ কাৰনে সিদ্ধান্ত লোৱা তেজপুৰ গাভৰু শিৱ মন্দিৰৰ নিবাসী জ্যোতি দেৱী কেওঁট নামৰ মহিলাগৰাকীৰ পৰা লাটমণ্ডল লোচন বৰাই মাটি বিক্ৰীৰ অনুমতি,পঞ্জীয়ন আৰু জিঅ’টেগৰ বাবদ ৯০ হেজাৰ টকা উৎকোচ লৈ প্ৰায় ডেৰমাহ ধৰি কোনো কাম নকৰি মহিলাগৰাকীক মানসিক হাৰাশাস্তি চলাই আহিছিল৷ ইয়াৰ পিছতে উপায়ন্তৰ হৈ জ্যোতি দেৱী কেওঁটে যোৱা ২৮ জুলাইত জিলা আয়ুক্ত,আৰক্ষী অধীক্ষকৰ ওচৰত লাটমণ্ডল লোচন বৰাৰ সন্দৰ্ভত সবিশেষ জনাই অভিযোগ পত্ৰ দাখিল কৰিছিল।

ইয়াৰোপৰি সহায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈয়ো অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত এই অভিযোগৰ ভিত্তিত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰি লাটমণ্ডলজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আহিছে। ইফালে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়তে লোচন বৰা নিজা কাৰ্যালয়ত অনুপস্থিত থকাৰ লগতে বৰ্তমানলৈকে পলাতক হৈ আছে।

আনহাতে তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নীতিগত দায়িত্ব পালন কৰি লাটমণ্ডল লোচন বৰা অকতৃৰ্ত্বশীলভাৱে কাৰ্যালয়ত উপস্থিত নথকাৰ বিষয়ে টি.আৰ.চি-০১/২০২৫/১৪৮ ৰ নং পত্ৰৰ জৰিয়তে শোণিতপুৰ জিলা আয়ুক্তক জ্ঞাত কৰি যথাবিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায় ৷ আশ্বৰ্যজনক বিষয় এয়ে যে ১৪ আগষ্টলৈকে পলাতক লাটমণ্ডল জনৰ ওপৰত প্ৰশাসনিকভাৱে কোনোধৰনৰ ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাছিল৷

এইক্ষেত্ৰত ঘোচখোৰ মণ্ডলজনৰ দুৰ্নীতিৰ সন্দৰ্ভত ইতিমধ্যেই তথ্যসহকাৰে বিস্তৃতভাৱে অসমীয়া প্ৰতিদিনত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ হোৱাৰ পিছতো লাটমণ্ডলক তৎকালে চাকৰিৰ পৰা নিলম্বিত নকৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অভিযোগ মতে শোণিতপুৰ ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাই চকুৰ সন্মুখতে সকলো দেখিও লগতে ১৬ আগষ্টত তেজপুৰৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোহাঁইয়ে টি আৰ চি -২/২০২৪-২৫/৫৫৬ নং পত্ৰৰ যোগেদি পঠোৱা প্ৰতিবেদন পোৱাৰ পিছতো 
উৎকোচ লোৱাৰ অভিযোগ আৰু অকতৃৰ্ত্বশীল অনুপস্থিতিৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল।

কিন্ত অসমীয়া প্ৰতিদিনত ১৯ আগষ্টত চক্ৰ বিষয়াই প্ৰেৰণ কৰা পত্ৰৰ বিষয়ে সকলো প্ৰকাশ পোৱাৰ পিছত মঙলবাৰে বিয়লি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লাটমণ্ডল লোচন বৰাক উৎকোচ লোৱাৰ অভিযোগত তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বিত কৰে৷ জানিব পৰা মতে পলাতক হৈ থকা দুৰ্নীতিগ্ৰস্ত এই মণ্ডলজনে ইয়াৰ পূৰ্বে চাৰিদুৱাৰ ৰাজহ চক্ৰত কৰ্মৰত হৈ থকাৰ অৱস্থাতো ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ একাধিক অভিযোগ উত্থাপিত হৈছিল৷

এই অভিযোগৰ বাবেই মণ্ডল লোচন বৰাক পৰৱৰ্তী সময়ত জিলা আয়ুক্তই আয়ুক্তৰ কাৰ্যালয়ত থকা চিলিং শাখালৈ বদলি কৰি আনিছিল৷ কিন্তু এক ৰাজনৈতিক সহযোগত অতি ৰহস্যজনকভাৱে পুনৰ লোচন বৰাক তেজপুৰ ৰাজহ চক্ৰলৈ লাট মণ্ডলৰূপে বদলি কৰে।

ইফালে তেজপুৰ আৰক্ষীয়ে আজিও দুৰ্নীতিপৰায়ণ লাটমণ্ডলজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইফালে আৰক্ষী বিষয়াৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে পলাতক লোচন বৰাক বিচাৰি মঙলবাৰে নিশাও ঘৰত অভিযান চলাইছিল।

তেজপুৰকে ধৰি শোণিতপুৰ জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত বছৰ বছৰ ধৰি কোনো শীৰ্ষ বিষয়াৰ আশীৰ্বাদত বহু লাটমণ্ডলে বদলি নোহোৱাকৈ কাৰ্যনিৰ্বাহক কৰি থকাৰ পিছতো ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱাৰ লগতে প্ৰশাসনেও কোনোধৰনৰ ব্যৱস্থাই গ্ৰহন নকৰা ঘটনাক কেন্দ্ৰ কৰি স্বাভাবিকতেই বহু প্ৰশ্নৰ উত্থাপন হৈছে। 

তেজপুৰ দুৰ্নীতি ৰাজহ বিভাগ