/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-15-21-33.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ শাসন কালত অসমত সৰ্বত্ৰে ব্যাপক উন্নয়ন সাধন হোৱা বুলি শাসকীয় মন্ত্ৰী-বিধায়কসকলে বিগত দিন ধৰি ৰাজহুৱাভাৱে সভাই সমিতিয়ে ঘোষণা কৰি আহিছে। সুদীৰ্ঘ সাত বছৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনষ্ঠ তেজপুৰৰ আন্তঃৰাজ্যিক বাছ আস্থানটোৱে ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ সম্পূৰ্ণৰূপে উদঙাই দিছে।
/asomiyapratidin/media/post_attachments/05f1f846-b5c.png)
উল্লেখ্য যে - পৰ্যটন,শিক্ষা,চিকিৎসা আৰু ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যসমূহৰ সৈতে বাছৰ যোগাযোগ ব্যৱস্থা অতি অধিক উন্নত তথা সুচল কৰি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে তেজপুৰত অসমৰ ভিতৰতে এটা অন্যতম বৃহৎ আন্তঃৰাজ্যিক চৰকাৰী বাছ আস্থান স্থাপনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। সেই অনুসৰি ২০১৯ ৰ ২ মাৰ্চত বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালৰ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উন্নয়নৰ ঢাক ঢোল বজাই দৰং মহাবিদ্যালয়ৰ সমীপত অসম ৰাজ্যিক পৰিবহন নিগমৰ জৰিয়তে এটা আন্তঃৰাজ্যিক চৰকাৰী বাছ আস্থানৰ আধাৰশিলা স্থাপন কৰিছিল। আশ্বৰ্যজনক বিষয় এয়ে যে বিভাগীয় মন্ত্ৰীয়ে বৃহৎ কাৰ্যসূচীৰে বক্তৃতাৰ ফুলজাৰি মাৰি আধাৰশিলা স্থাপন কৰাৰ দিন ধৰি আজি প্ৰায় সাত বছৰে অতি লেহেমীয়াভাৱে কাম চলি থকাৰ বাবেই বাছ আস্থান টোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই।
/asomiyapratidin/media/post_attachments/1d50e133-acc.png)
বিজেপি চৰকাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ জৰিয়তে তেজপুৰ আন্তঃৰাজ্যিক চৰকাৰী বাছ আস্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰে ২০১৮-১৯ বিত্তীয় বৰ্ষত ২৮ কোটিৰো অধিক টকাৰ অনুমোদন দিছিল। এই ক্ষেত্ৰত অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলি থকা বাছ আস্থানটোত একেলগে ৬০-৭০ খনৰ অধিক বিভিন্নধৰনৰ যাত্ৰীবাহী বাছে পাৰ্কিং কৰিব পৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থাৰেই কাম আৰম্ভ হৈছিল। তদুপৰি বাছ আস্থানটোত শতাধিক সৰু ডাঙৰ ব্যৱসায়ীক গৃহৰ উপৰি দুটা ডিজিটেল চিনেমা তথা প্ৰেক্ষাগৃহৰ উপৰি ভোজনালয়কে আদি কৰি ব্যৱসায়ৰ বাবে বৃহৎ সংখ্যক গৃহ নিৰ্মাণ হ'ব বুলি আধাৰশিলা স্থাপনৰ সময়ত বিভাগীয়ভাৱে ঘোষণা কৰা হৈছিল। আনকি বাছ আস্থানটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে স্থানীয় শতাধিক যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সংস্থাপিত হব পাৰিব বুলি নিজা ভাষনতে সাংসদ আৰু মন্ত্ৰীয়ে ৰাইজক জনাইছিল যদিও সেয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে গৈ।
/asomiyapratidin/media/post_attachments/bc8c4247-c0c.png)
অসম তথা বহিৰাজ্যৰ পৰা দিনৌ ৬০-৭০ খন যাত্ৰীবাহী বাছেৰে ২০ হাজাৰৰো অধিক লোকে যাতায়াত কৰিব পৰা সুবিধা হোৱাকৈ আধাৰশিলা স্থাপন কৰা চৰকাৰী বাছ আস্থানটোৰ বৰ্তমানৰ এনে অৱস্থাই বিয়াগোম বিভাগটোৰ মন্ত্ৰীৰ লগতে বিষয়া,অধ্যক্ষ,জিলাখনৰ মন্ত্ৰী অশোক সিংহাল,সাংসদ ৰণজিৎ দত্ত আৰু বিজেপি ,অগপ বিধায়কসকলৰ নিস্ক্ৰীয় ভূমিকাৰ দিশটোও উদঙাই দিছে। জানিব পৰা মতে আন্তঃৰাজ্যিক বৃহৎ বাছ আস্থানটোৰ নিৰ্মানৰ ক্ষেত্ৰত সৰ্বমুঠ ১৫ বিঘা ভূমিক সামৰি লোৱা হৈছে। ইফালে চৰকাৰী বাছ আস্থানটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ দিন ধৰি নিৰ্মাণ কাৰ্য কেনেদৰে চলিছে তাৰ বুজ লবলৈ বিভাগীয় মন্ত্ৰীৰ উপৰি সাংসদ আৰু বিধায়কৰ আহৰি হোৱা নাই। আনহাতে বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালৰ পিছত নতুনকৈ গঠন হোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ চাৰিমাহ মান থকাৰ পিছতো অসম ৰাজ্যিক পৰিবহন নিগমৰ নতুন বাছ আস্থানটোৰ নিৰ্মানকাৰ্য আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই। এই ঘটনাই স্বাভাৱিকতেই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us