/asomiyapratidin/media/media_files/2025/10/09/ui8i6tewrtrt5t4re4t-2025-10-09-13-02-13.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী গৰাখহনীয়াই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বিহগুৰিৰ দক্ষিণ অঞ্চলত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চকুৰ আগতে মাটিভেটিসহ মৰমৰ ঘৰখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা দেখি আতংকিত হৈ পৰিছে শতাধিক দৰিদ্ৰ কৃষিজীৱী পৰিয়াল।
ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ চূড়ান্ত হেমাহি আৰু গুৰুত্বহীনতাৰ বাবেই নিশাৰ ভিতৰতে ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই ১৯৪৬ চনত স্থাপিত হোৱা ৭৯ বছৰীয়া ঝাৱনী চৰকাৰী প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। এই ঘটনাই স্বাভাৱিকতেই বৰছলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বু, সাংসদ ৰণজিৎ দত্ত, শোণিতপুৰ জলসম্পদ বিভাগ আৰু অসম চৰকাৰৰ উন্নয়নৰ স্বৰূপটোকে সম্পুৰ্ণৰূপে উদঙাই দিছে।
ইফালে মাত্ৰ ডেৰবছৰৰ পূৰ্বে ব্যাপক দুৰ্নীতি অনিয়মৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ কাষত ঝাৱনি গাঁৱত জলসম্পদ বিভাগৰ ঠিকাদাৰে নিৰ্মাণ কৰা মথাউৰিটোও প্ৰৱল গৰাখহনীয়াত জাহ গৈ সম্পূৰ্ণৰূপে অস্তিত্বহীন হৈ পৰিছে। অভিযোগ মতে, বিগত প্ৰায় এবছৰ ধৰি বিহগুৰি মৌজাৰ ঝাৱনী, তিনিখৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া চলি থকাৰ পিছতো আজিকোপতি অসম চৰকাৰে জলসম্পদ বিভাগে অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কোনোধৰনৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে। ইয়াৰ ফলত এবছৰৰ ভিতৰতে তিনিখৰীয়া গাঁওখনৰ ত্ৰিশটাৰো অধিক পৰিয়ালে নিজৰ ঘৰ,ভেটি,বাৰী আৰু বৃহৎ পৰিমানৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত হেৰুৱাই সৰ্বশ্বান্ত হৈ ইতিমধ্যেই আন ঠাইত আশ্ৰয় লৱলৈ বাধ্য হৈছে।
একেদৰে, ঝাৱনি গাঁওখনত চলি থকা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া দেখি স্থানীয় ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত খহনীয়াত সকলো হেৰুৱাই সম্প্ৰতি নিশা বিদ্যালয়ৰ বাৰাণ্ডাত কটোৱা ঝাৱনী গাঁৱৰ কেইবাটাও দুৰ্ভগীয়া পৰিয়ালে আজি কান্দি কান্দি কয়, আমি একাধিক বাৰ শোণিতপুৰ জিলাৰ উপায়ুক্ত, বৰছলাৰ বিধায়ক আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰলৈ গৈ গৰাখহনীয়া যিকোনো প্ৰকাৰে প্ৰতিৰোধ কৰিবৰ বাবে আবেদন জনাইছিলো যদিও কোনেও আমাৰ কথাত অকনো গুৰুত্ব নিদিলে। যাৰ কাৰণে এবছৰৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ঝাৱনী গাঁৱৰ চল্লিশটাৰ অধিক বাসগৃহ জাহ যোৱাৰ উপৰি এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ লগতে আৰু একাধিক ঘৰ অচিৰেই জাহ যোৱাৰ উপক্ৰম হৈছে।
সম্প্ৰতি গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ দুৰ্ভগীয়া ৰাইজে নিশা ঝাৱনী প্ৰাথমিক বিদ্যালয়ৰ বাৰাণ্ডাত আশ্ৰয় লবলৈ বাধ্য হৈছে। ৰাইজে সদৰী কৰে যে, মাত্ৰ ছমাহ এবছৰমানৰ পুৰ্বে আমাৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰ প্ৰায় ডেৰ কিলমিটাৰমান আঁতৰত আছিল। কিন্ত বৰছলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ লিম্বুয়ে আৰু গৰাখহনীয়া নহয়, আঁচনিৰ অনুমোদন হৈ গৈছে আপোনালোক সকলোৱে ইয়াতে পকা ঘৰ বনাই থাকক বুলি কৈছিল যদিও আজিলৈকে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰি আমাক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে বুলি অভিযোগ উত্থাপন কৰে।
তেওঁলোকে লগতে উল্লেখ কৰে যে, আমাৰ সমস্যাৰ কথাত ভালকৈ কেতিয়াও গুৰুত্ব নিদিয়ে আৰু তেওলোকে সদায় মাত্ৰ নিৰ্বাচনৰ সময়ত ভোট বিচাৰিহে ইয়ালৈ আহে। ইয়াৰ পিছত চৰকাৰৰ পৰা কোনোধৰনে সহাৰি নাপাই উপাইহীন হৈ নিজাববীয়াকৈ দাণ বৰঙনি সংগ্ৰহ কৰি বাঁহ ক্ৰয় কৰি গোজ পুতি,গছৰ ঠাল পেলাই যেনেতেনে খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা চলাইছিলো যদিও আমি নোৱাৰিলো। আমাৰ চকুৰ আগতেই নিজৰ ঘৰখন ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ কাৰণে হেৰাই গ'ল আৰু এতিয়া নিজৰ বুলিবলৈ আমাৰ অকনো মাটি নথকাত বিদ্যালয়ৰ বাৰাণ্ডাতে নিশা কটাইছো ,কিন্ত বিদ্যালয়খনো যিকোনো সময়তে নদীত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে।
উল্লেখ্য যে, বিগত এবছৰমানৰ ভিতৰতে তিনিখৰীয়া আৰু ঝাৱনী অঞ্চলৰ হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমিৰ লগতে শতবৰ্ষগৰকা শিমলুগুৰি থানখনো গৰাখহনীয়াত জাহ যায়। কিন্ত এই বিষয়ে সকলো অৱগত হোৱাৰ পিছতো অসম চৰকাৰে তিনিখৰীয়া, ঝাৱনিত জলসম্পদ বিভাগে এখনো ডাঙৰ আঁচনি গ্ৰহণ নকৰিলে।
অভিযোগ মতে, কেইবছৰমান পুৰ্বে জলসম্পদ বিভাগে স্থানীয় ৰাইজৰ সৈতে কোনো ধৰনৰ আলোচনা নকৰাকৈ তিনিখৰীয়া গাঁৱৰ পূৱে এটা মথাউৰি নিৰ্মাণৰ বাবে ১ কোটি ৭০ লাখৰ অধিক টকাৰ অনুমোদন দিছিল । কিন্ত যোৰহাটৰ এজন ঠিকাদাৰে মথাউৰিটো নিৰ্মাণৰ নামত আৰম্ভণিৰে চলোৱা ব্যাপক দুৰ্নীতিৰ কাৰণেই মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।
আনহাতে ১৯৪৬ চনতে স্থাপিত হোৱা অঞ্চলটোৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনো যিকোনো সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটাত শিক্ষক আৰু অভিভাৱক সকল অতিকৈ চিন্তিত হৈ পৰিছে। জানিব পৰা মতে, গৰাখহনীয়াত জাহ যোৱাৰ পুৰ্বেই বিদ্যালয়খনৰ সা-সামগ্ৰী, টিনপাত আৰু দমকল আদি আঁতৰাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই অনুমতি দিলেই ব্যৱস্থা গ্ৰহন কৰিব।
ইফালে আন এক অভিযোগ অনুসৰি অঞ্চলটোত বান-গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে বিভাগে অনুমোদন দিয়া লাখ লাখ টকাৰ আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰে জধেমধে পৰ্কিউপাইন আৰু জিঅ বেগ পেলাই ব্যাপক লুন্ঠন চলাই আহিছে। এইক্ষেত্ৰত চৰকাৰে এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলেই সকলো ওলাই পৰিব বুলি ৰাইজে দাবী কৰিছে।
উল্লেখ্য যে আজিও অঞ্চলটোত চলি থকা ভয়ংকৰ খহনীয়াত বৃহৎ বৃহৎ ভূমিখণ্ড ব্ৰহ্মপুত্ৰত জাহ যোৱা দৃশ্যই সকলোৰে বুকু কপাই তুলিছে যদিও জলসম্পদ বিভাগৰ কোনো খা-খবৰ নাই। শোণিতপুৰ লোকসভাৰ সাংসদ ৰণজিৎ দত্তই আজিলৈকে তিনিখৰীয়া,ঝাৱণিত চলি থকা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বুজ লবলৈ আহৰি পোৱা নাই। ৰাইজে জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ খহনীয়া ইমানেই ভয়াবহ আছিল যে বহু পৰিয়ালে নিজৰ দমকল কেইটাও উঠাই আনিবলৈ অকনো সময় নাপালে। যাৰ ফলত ৰাইজে এতিয়া ব্ৰহ্মপুত্ৰৰ লেতেৰা পানীকে খাবলৈ বাধ্য হৈছে যদিও পৰিয়াল বোৰৰ দুখ দুৰ্দশাৰ বুজ লবলৈ বিজেপি বিধায়ক গণেশ লিম্বুৰ আহৰি হোৱা নাই।
ইফালে, জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ বিহগুৰি অঞ্চলৰ দহখনৰো অধিক গাঁৱৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিও প্ৰৱল ভাবুকি নমাই আনিছে। এইক্ষেত্ৰত ৰাইজে অতিশীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে।