পদ্ম হাজৰিকাৰ নেতৃত্বত তেজপুৰৰ ৰাজপথত নামিল সহস্ৰাধিক বিজেপি নেতা-কৰ্মী...

অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ তেজপুৰত আজি হাতে হাতে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বেনাৰ

author-image
Asomiya Pratidin
New Update
ikkkdd

ডিজিটেল সংবাদ, তেজপুৰঃ  অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ তেজপুৰত আজি হাতে হাতে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বেনাৰ ফেষ্টুন লৈ মায়াবিনী গীত গাই ন্যায় বিচাৰি হেজাৰ হেজাৰ বিজেপি নেতাকৰ্মী  ৰাজপথত নামি পৰে।

0a838ff2-cfba-4264-98ff-660a3451e3a1

উল্লেখ্য যে শোণিতপুৰ জিলা বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেজপুৰত উলিওৱা বিশাল সমদলত অংশগ্ৰহণৰ বাবে আজি দিনৰ বাৰ মান বজাৰ পৰাই তেজপুৰ, নদুৱাৰ,ৰঙাপৰা,ঢেকিয়াজুলি আৰু বৰছলাৰ পৰা হেজাৰ হেজাৰ বিজেপি নেতাকৰ্মী আৰু সমৰ্থক সকল দলেবলে ওলাই আহে। সেই অনুসৰি জিলা খনৰ আটাইকেইটা সমষ্টিৰ পৰা অহা বিজেপি নেতাকৰ্মীসকল তেজপুৰ কলেজিয়েট ফিল্ডত সমবেত হয়।

এইক্ষেত্ৰত নদুৱাৰৰ জ্যেষ্ঠ বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকাৰ নেতৃত্বত কলেজিয়েট খেল পথাৰৰ পৰা দিনৰ প্ৰায় ৪ বজাত শোণিতপুৰ বিজেপিয়ে উলিওৱা বিশাল ন্যায় সমদলত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। সন্মুখত মহান শিল্পী জুবিন গাৰ্গৰ বৃহৎ ফটো লৈ হাতে হাতে হুৰ হুৰ হুৰ হুৰ হুৰাই দে,প্ৰাণে প্ৰাণে জুবিন দা গানে গানে জুবিন দা,ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে,ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰক,পলিটিক্স নকৰিবা বন্ধু ,ন্যায়লয়ে কঠোৰ শাস্তি দিব অপেক্ষা আমাৰ আদি বিভিন্নধৰনৰ ফেষ্টুন লৈ মায়াবিনী গীত বজাই তেজপুৰ চহৰৰ সো মাজেৰে উলিওৱা বিশাল সমদলে অঞ্চলটোৰ চাৰিওদিশ মুখৰিত কৰি তোলে।

52055a84-0b5d-4c10-aedf-8d62eb09cb7b

উল্লেখ্য যে কলেজিয়েট ফিল্ডৰ পৰা দৰং মহাবিদ্যালয় হৈ মহাভৈৰৱ মন্দিৰৰ সন্মুখৰে চিভিল চাৰিআলিয়েদি উলিওৱা বিশাল সমদলৰ নেহেৰু ময়দানত সামৰণি পৰে। শোণিতপুৰ বিজেপিয়ে তেজপুৰত উলিওৱা আজিৰ ন্যায় সমদলত অসম বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, জ্যেষ্ঠ বিজেপি নেতা ঋতুবৰণ শৰ্মা,স্বপ্না বনিয়া, দীপামনি শইকীয়া,অশোক ভট্টৰাই আৰু জয়া দাসকে ধৰি বহু নেতা উপস্থিত থাকে।

কাৰ্যসূচী অনুসৰি সমদলৰ আৰম্ভণিৰ পুৰ্বে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিধায়ক পদ্ম হাজৰিকা ,জিলাৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা আৰু সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ভাষণ প্ৰদান কৰে। ইফালে সমদলত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত একাংশই সংবাদ মাধ্যমৰ আগত চৰকাৰে ন্যায় দিব পৰা নাই বুলি গুৰুতৰ অভিযোগ কৰে। এইক্ষেত্ৰত সমদলত অংশলোৱা একাংশ মহিলাই কয় আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে আমি ওলাই আহিছোঁ।

কিন্ত ন্যায় দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে ছালে-বেৰে কোবাইছে বুলি অভিযোগ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ  উচিত বিচাৰ কৰাৰ দাবী জনায়। আনহাতে কোনো বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ সৈতে বিয়লি পাঁচ বজাৰ পৰা থকা আলোচনাৰ পৰিপ্ৰেক্ষিতত আজিৰ কাৰ্যসূচীত ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতি,বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ লগতে ঢেকিয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল আৰু শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত উপস্থিত নাথাকিল।

0a838ff2-cfba-4264-98ff-660a3451e3a1

পদ্ম হাজৰিকা তেজপুৰ জুবিন গাৰ্গ