পৰিৱৰ্তন যাত্ৰাত তিনি কংগ্ৰেছ নেত্ৰীক প্ৰহাৰ কৰা গুণ্ডাৰূপী বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাহন আৱদ্ধ কৰি কংগ্ৰেছ নেত্ৰীৰ ওপৰত আক্ৰমণ কৰা বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg

ডিজিটেল সংবাদ, তেজপুৰঃ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাহন আৱদ্ধ কৰি কংগ্ৰেছ নেত্ৰীৰ ওপৰত আক্ৰমণ কৰা বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।

WhatsApp Image 2026-02-11 at 5.19.21 PM
এজাহাৰৰ প্ৰতিলিপি

কংগ্ৰেছ নেত্ৰী ৰূপা কলিতা, তৃষ্ণা বৰা কাকতি আৰু সম্পূৰ্ণা বৰাই ন্যায় বিচাৰি আজি এজাহাৰ দাখিল কৰি দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীৰ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত বিহগুৰিত বাহন আৱদ্ধ কৰি বিজেপিৰ ভেৰোণীয়া গুণ্ডাই মহিলা তিনিগৰাকীক প্ৰহাৰ কৰাৰ লগতে মবাইল কাঢ়ি নিয়াৰো চেষ্টা চলাই ৰাজপথতে ভাঙি পেলাইছিল। এইক্ষেত্ৰত কংগ্ৰেছৰ মহিলা কেইগৰাকীয়ে এজাহাৰৰ লগত তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা গুণ্ডাৰূপী বিজেপি নেতাকেইজনৰ ফটোও সংলগ্ন কৰি দিয়ে।

তেজপুৰ